"আপোনাৰ ঠিকনাটো দিব নেকি" শীৰ্ষক গ্ৰন্থ উন্মোচন

"আপোনাৰ ঠিকনাটো দিব নেকি" শীৰ্ষক গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
"আপোনাৰ ঠিকনাটো দিব নেকি" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,কামপুৰ: কামপুৰ শাখা সাহিত্য সভা ভৱনত বুধবাৰে "আপোনাৰ ঠিকনাটো দিব নেকি" শীৰ্ষক এখন কাব্য গ্ৰন্থ উন্মোচন কৰা হয়। এই কাব্য গ্ৰন্থখনৰ লিখক হৈছে কামপুৰৰ কৃতী তথা আমপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী।

Advertisment

গ্ৰন্থ উন্মোচনীৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই আৰু উদ্দেশ্য ব্যাখ্যা কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বাবুল বৰাই। কামপুৰ সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথে সভাপতিত্ব কৰা সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে সাহিত্য সভাৰ জিলা সভাপতি থগিত মহন্তই।

এক মাংগলিক পৰিবেশত আৰু যথেষ্ট সংখ্যক সাহিত্যনুৰাগী উপস্থিত থকা অনুষ্ঠানটিত কাব্য গ্ৰন্থখনি উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।অনুষ্ঠানটোত বিশিষ্ট অতিথি তথা আমন্ত্ৰিত অতিথি হিচাপে নগাঁও জিলাৰ সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, জিলা প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱা, অধ্যাপক ড° ঘনকান্ত শইকীয়া, ৰনাংগন বাৰ্তালুচনীৰ সম্পাদক মিন্টু দাসে অংশগ্ৰহণ কৰি কাব্য সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে কাব্যগ্ৰন্থখন ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।

গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ সুধাময় দাস, পৌৰপতি ধৰিত্ৰী বৰুৱা, সমাজকৰ্মী প্ৰমোদ লস্কৰকে আদি কৰি কেবাগৰাকীও সাহিত্য প্ৰেমী লোক উপস্থিত থাকে।ইয়াৰ আগতে বিধায়ক জিতু গোস্বামীয়ে আজি কামপুৰ শাখা সাহিত্য সভাৰ মূল প্ৰবেশ পথটি উদ্বোধন কৰাৰ উপৰি কামপুৰ মহাবিদ্যালয়ৰ এখন নৱনিৰ্মিত কেন্টিনৰো শুভ উদ্বোধন কৰে।

Also Read: কৰ্তব্যৰত অৱস্থাত ৰীল বনাই ছ'চিয়েল মিডিয়াত আপলোড, নিলম্বন মহিলা আৰক্ষী বিষয়া