জাজৰি ঢলপুৰীয়াত ‌মহাৰজত জয়ন্তীৰ গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা

জাজৰি ঢলপুৰীয়াত ‌মহাৰজত জয়ন্তীৰ গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা

author-image
Asomiya Pratidin
New Update
জাজৰি ঢলপুৰীয়াত ‌মহাৰজত জয়ন্তীৰ গ্ৰন্থ উন্মোচনী আৰু মুকলি সভা

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপুৰীয়া যুৱক সংঘ অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰৰ মহাৰজত জয়ন্তী উৎসৱৰ উন্মোচনী আৰু মুকলি সভা বৃহস্পতিবাৰে দুপৰীয়া অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন ৰাম বৰাই। মহাৰজত জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ "অনন্তজ্যোতি" উন্মোচন কৰে সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে।

Advertisment

উন্মোচনী ভাষণত তেওঁ কয় যে মহিলা সকল দেশ আৰু সমাজৰ বটবৃক্ষ সদৃশ। এগৰাকী মাতৃ সকলো সন্তানৰ বাবে সমান হয়। প্ৰতিটো সন্তানেই মাতৃগৰাকীৰ বাবে এক হয়।

আনহাতে চিন্তাবিদ, নিবন্ধ কাৰ ময়ুৰ বৰাই কয় যে এটা গ্ৰামাঞ্চলত এটা পুথিভঁৰাল তথা সামূহিক কেন্দ্ৰৰ হিৰক জয়ন্তী উদযাপন কৰাটো সৰু কথা নহয়। ইমান আৰম্বৰ পূৰ্ণভাবে আৰু গঞা ৰাইজৰ উৎসাহ উদ্দীপনা বৌদ্ধিক জগতৰ বাবেই গৌৰবৰ বিষয় বুলি কয়।

সভাত নেপালী সাহিত্যত সাহিত্য অকাডেমি বঁটা প্ৰাপক কে বি নেপালী, শিশু সাহিত্যিক যুগল লোচন দাস, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, কাৰ্যবাহী সদস্য আবুল খায়েৰ আহমেদ আদিয়ে বক্তব্য ৰাখে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই মহাৰজত জয়ন্তী উৎসৱৰ সম্পাদক দুলাল বৰাই।

অনুষ্ঠানটো পৰিচালনা কৰে কৃষ্ণ কিঙ্কৰ বৰাই। নিশালৈ অনুষ্ঠিত হ'য় "নাচনী পথাৰত নাচে গানে এসন্ধ্যা"নামৰ মনোৰঞ্জন মূলক অনুষ্ঠান। উক্ত অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে বেহেৰবাৰী আউট পষ্ট ৰ জৰিয়তে জনপ্ৰিয় হোৱা কে কেৰ(দীপজ্যোতি কেউট) লগতে বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰাৰ্থ প্ৰতিম বৈশ্য ৰ বেণ্ড থ্ৰিৰ অনুষ্ঠানে সহস্ৰাধিক ৰাইজক মোহাচ্ছন্ন কৰে।

Also Read: দুৰাৰোগ্য ৰোগত আক্ৰন্ত আছিল শিশু, গংগাত স্নান কৰালে পিতৃ-মাতৃয়ে