লণ্ডনত প্ৰকাশ ওদালগুৰিৰ লিখক বৈদ্যনাথ উপাধ্যায়ৰ অনুবাদিত গ্ৰন্থ ‘ক্লাব ক্ৰোলিং’

লণ্ডনত প্ৰকাশ ওদালগুৰিৰ লিখক বৈদ্যনাথ উপাধ্যায়ৰ অনুবাদিত গ্ৰন্থ ‘ক্লাব ক্ৰোলিং’

author-image
asomiyapratidin
New Update
লণ্ডনত প্ৰকাশ ওদালগুৰিৰ লিখক বৈদ্যনাথ উপাধ্যায়ৰ অনুবাদিত গ্ৰন্থ ‘ক্লাব ক্ৰোলিং’

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰিৰ লিখক, অনুবাদক, সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে লণ্ডন নিৱাসী গুজৰাটী লেখিকা অৰুণা সব্বৰৱালৰ ১৫ টা হিন্দী গল্পৰ সংকলন নেপালী ভাষালৈ অনুবাদ কৰিছে। অলপতে "ক্লাব ক্ৰোলিং" শীৰ্ষক গ্ৰন্থখন লণ্ডনত প্ৰকাশ কৰা হৈছে।

Advertisment

অকল অনুবাদেই নহয় গ্ৰন্থখনৰ আগকথাও লিখিছে লিখক বৈদ্যনাথ উপাধ্যায়ে। লণ্ডনৰ সমকালীন সাহিত্য প্ৰতিষ্ঠানে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থত ইংলিছ ৰোজ, ৰাকিঙ চেয়াৰ, স্বয়ং, সুগন্ধিত হাৱা, সানো শিশমহল, ৰোজী, পৰদেশমা পতঝড়, তি চাৰ পৰোঠা, মৌনতাকো বিলাপ, ক্লাব ক্ৰোলিং, উচকো ঘৰ, উড়ান, ভনে ন ভনেকো, অন্তিম ধাগো আৰু অঁধ্যাৰাকো বীচমা ইত্যাদি শীৰ্ষক গল্প সন্নিৱিষ্ট আছে।

নেপালী ভাষাত অনুবাদিত সংকলনটোৰ গল্পসমূহ নেপালী ভাষাৰ পাঠক সমাজৰ মাজত সমাদৃত কৰা বুলি উপাধ্যায়ে জানিবলৈ দি উক্ত খবৰটোৱে গল্পকাৰক উৎসাহিত কৰা বুলি জানিবলৈ দিছে। সমকালীন সাহিত্য প্ৰতিষ্ঠান, বেলায়তৰ অধ্যক্ষ কৃষ্ণ বজগাঁইয়ে চিত্ৰকলা, গায়ন আৰু লিখনত সমানে খ্যাতি আৰ্জন কৰা লেখিকা অৰুণা সব্বৰৱালৰ এই গ্ৰন্থখনে নেপালী ভাষাৰ পাঠক সকলক বিশেষভাৱে উপকৃত কৰিব বুলি প্ৰকাশ কৰিছে।

আৰু পঢ়ক: মানকাচৰৰ সুখচৰত মালবাহী নাও দুর্ঘটনা…

assam udalguri