জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত ইন্দ্ৰানী বৰুৱাৰ গল্প সংকলন মুকলি

আন্তৰাষ্ট্ৰীয় খ্যাতসম্পন্ন জয়পুৰ সাহিত্য মহোৎসৱত ২৩ জানুৱাৰীত অসমৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া আই পি এছ ইন্দ্ৰানী

author-image
Asomiya Pratidin
New Update
জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত ইন্দ্ৰানী বৰুৱাৰ গল্প সংকলন মুকলি

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় খ্যাতসম্পন্ন জয়পুৰ সাহিত্য মহোৎসৱত ২৩ জানুৱাৰীত অসমৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া আই পি এছ ইন্দ্ৰানী বৰুৱাৰ প্ৰথমখন গল্প সংকলন 'The Homecoming and Other stories' শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উল্লেখযোগ্য যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য প্ৰদৰ্শন বুলি অভিহিত কৰা এই মহোৎসৱ লৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট লেখক লেখিকা, প্ৰকাশক তথা গ্ৰন্থপ্ৰেমীৰ আগমণ ঘটে। এইবাৰো অসমৰ বহুকেইগৰাকী লেখক লেখিকাই ইয়াত প্ৰাধান্য বিস্তাৰ কৰিছে।

Advertisment

অসমৰ প্ৰশাসনিক ক্ষেত্ৰখনত অহৰহ সেৱা আগবঢ়ায় থকা একগৰাকী সুদক্ষ আৰক্ষী বিষয়া ইন্দ্ৰানী বৰুৱাৰ প্ৰথমখন গল্প পুথি উক্ত অনুষ্ঠানত মুকলি কৰা হয়। গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে আৰক্ষী বিষয়াগৰকীয়ে কৰ্মজীৱনত প্ৰত্য়ক্ষ কৰা বিভিন্ন ঘটনা পৰিঘটনাৰ বিস্তৃত কাহিনী।

গ্ৰন্থখনত অপৰাধ জগতৰ বহু জীৱন গাঁথা সম্বন্ধিত যদিও কাহিনীসমূহত কাল্পনিক বৰ্ণনাৰ উৰ্ধত মানৱতাবোধৰ গভীৰ নিৰীক্ষণৰে একো একোটা চৰিত্ৰ প্ৰাণৱন্ত কৰি তোলাৰ প্ৰয়াস কৰিছে লেখিকাগৰাকীয়ে।

কৰ্ম সূত্ৰে দেশ বিদেশ ভ্ৰমণৰ অৱস্থাত নিজে সন্মুখীন হোৱা পৰিস্থিতিৰ আলম লৈ বিশেষকৈ উত্তৰ পূবৰ বিভিন্ন ঘটনাৰাজিৰে অনুপ্ৰাণিত হৈ বিবিধ বিষয়বস্তু সামৰি গল্প ৰূপ দিছে লেখিকাগৰাকীয়ে। আনহাতে এই সৰ্ববৃহৎ সাহিত্য মহোৎসৱত উক্ত গ্ৰন্থখন উদ্বোধনী অনুষ্ঠানৰ শোভা বৰ্ধন কৰে প্ৰসিদ্ধ কবি, সাংবাদিক আৰু অনুবাদক অনুপমা ৰাজে।

২৭ টা চুটি গল্প সমাহাৰেৰে ৰুপা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১৯৬ পৃষ্ঠা সম্বলিত গ্ৰন্থখন পাঠক সমাজে নিশ্চয় অন্য এক সোৱাদ লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে।

আৰু পঢ়কঃ নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন

গল্প জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত