অসম গ্ৰন্থমেলাত কল্পনা বৰাৰ গল্প পুথি 'প্ৰেম জনমে জনমে'ৰ শুভ উন্মোচন

অসম গ্ৰন্থমেলাত কল্পনা বৰাৰ গল্পপুথি 'প্ৰেম জনমে জনমে'ৰ শুভ উন্মোচন

author-image
Asomiya Pratidin
New Update
অসম গ্ৰন্থমেলাত কল্পনা বৰাৰ গল্প পুথি 'প্ৰেম জনমে জনমে'ৰ শুভ উন্মোচন

ডিজিটেল সংবাদ, হাওৰাঘাট : সোমবাৰে দিনৰ এক বজাত চানমাৰিস্থ অসম গ্ৰন্থমেলাত কবি, ঔপন্যাসিক কল্পনা বৰাৰ নৱমখন গ্ৰন্থ 'প্ৰেম জনমে জনমে'ৰ শুভ উন্মোচন হৈ যায়। উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, কথাশিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰীয়ে।

Advertisment

ৰসাল ভাষণত চৌধুৰীদেৱে কয় যে- "নৱবৰ্ষৰ প্ৰথম দিনটোত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। মোৰ 'মা'ই কৈ গৈছে আটাইতকৈ উত্তম সেৱা কৰা বুজায় সাহিত্য-সংস্কৃতিৰ মাজেৰে সেৱা আগবঢ়ালেহে। লেখিকাই শুদ্ধ পন্থা বাচি লৈহে নিৰৱিচ্ছিন্নভাৱে আগবাঢ়িছে। বিশিষ্ট কবি, গল্পকাৰ, গল্প কথক, 'সাতসৰী' আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই সভাৰ আৰম্ভণিতে শুভাশিসমূলক বক্তব্য আগবঢ়াই কয় যে গল্পৰ নিজস্ব বৈশিষ্ট্য কিছু আছে, চৰ্চা-সাধনা-মননৰ মাজেৰে তাক আয়ত্ত কৰি গল্পকাৰে ৰচি যাব লাগে গল্পৰ।

'জোনাক' মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক, লেখক, কবি পুলকেশ ৰায় বৰুৱাই বন্তি প্ৰজ্বলন কৰি ভাষণ প্ৰসংগত কয় যে-"কাৰ্বি আংলং হাওৰাঘাটৰ পাহাৰী কন্যা, শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা, বিশিষ্ট লেখিকাই প্ৰতি বছৰে নিজৰ গাঁঠিৰ ধন ভাগি গ্ৰন্থ উলিয়াই থকা কথাটো আনসকলৰ বাবে এক প্ৰেৰণাদায়ক কথা বুলি অভিহিত কৰিব পাৰি। তিনি দুহিতাক সংস্কৃতিবান কৰি তুলি সমাজৰ হকে, ছাত্ৰ-ছাত্ৰীৰ বাবে নিবিড়ভাবে জড়িত থকা কল্পনা বৰাৰ সাহিত্যিক অৱদান লেখতল'ববলগীয়া।"

শিশু-সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসদেৱে মুখ্য অতিথিৰ ভাষণত শব্দ বিভ্ৰাট সংক্ৰান্তত চমুৱাই কৈ লেখিকাক গ্ৰন্থ লিখাৰ বাবে সাধুবাদ দিয়ে। আন এগৰাকী অতিথি 'স্পন্দন : শব্দৰ পৰা হৃদয়লৈ'ৰ মুখ্য সম্পাদক দেৱব্ৰত বৰাই শুভেচ্ছামূলভাৱে ভাষণ আগবঢ়াই লেখিকাৰ সাহিত্য সম্ভাৰ সৃষ্টিৰ শলাগ লয়। '

প্ৰেম জনমে জনমে' গ্ৰন্থৰ লেখিকাই নিজৰ মনোভাৱ খুবেই বিস্তৃতভাৱে বিৱৰণী দি কয় যে --"মই আজি অভিভূত, ঈশ্বৰে মোক যে শক্তি দিছে, ইতিমধ্যে ৯খন মোৰ গ্ৰন্থ প্ৰকাশ পালে,অহা বছৰ এই গ্ৰন্থমেলাত মোৰ আত্মজীৱনীখন প্ৰকাশ কৰিম বুলি ভাবিছোঁ, পাঠকৰ মৰম-আদৰ পাই মই বাৰুকৈয়ে আহ্লাদিত।" উত্তৰ পুৰুষৰ মঞ্চৰ উপদেষ্টা ববিতা বৈশ্য লহকৰ, আবৃত্তিকাৰ নৱ ডেকা, বিশিষ্ট লেখিকা ৰঞ্জুশ্ৰী বৰ্মন, কবি জোনমণি দাস, লেখক-সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী,'গণস্তম্ভ' কাকতৰ সাংবাদিক নাৰায়ণ চন্দ্ৰ বৰুৱা আদি শ্ৰোতা-দৰ্শক উপস্থিত থকা সভাখনত কল্পনা বৰাৰ স্বামী প্ৰদীপ বৰাই এটি সুন্দৰ গীত পৰিৱেশন কৰে । সভাত উপস্থিত থাকে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো অতি সাৱলীলভাৱে আঁত ধৰে কবি, লেখিকা ময়ূৰী দত্তই।

Also Read: আপোনাৰ ভাল হ'ব...