/asomiyapratidin/media/media_files/2025/10/03/1-2025-10-03-21-07-23.jpg)
ডিজিটেল সংবাদ, চিৰাং: বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত টাকোৱামাৰী গাঁৱত আজি ৰেচন ডিলাৰৰ দ্বাৰা এক ভয়ংকৰ ঘটনা সংঘটিত কৰা তথ্য পোহৰলৈ আহে। চৰকাৰী ভাবে যোগান ধৰা বিনামূলীয়া চাউলত শিল আৰু বালি মিহলাই গ্ৰাহক সকলক যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে।
আজি পুৱাৰ ভাগত কেইবা শতাধিক ৰেচনকাৰ্ডধাৰী পুৰুষ মহিলাই টাকোৱামাৰী গাঁৱৰ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে। কিন্তু পৰিস্থিতি অধিক অৱনতি হোৱাৰ আগতেই সুযোগ বুজি ৰেচন ডিলাৰ দানেছ আলী শ্বেখে ঘৰৰ পৰা পলায়ন কৰে।
ইপিনে যোৱা এক অক্টোবৰ তাৰিখে যিসকল ৰেচন কাৰ্ডধাৰী গ্ৰাহকে দানেছ আলী শ্বেখৰ ৰেচন দোকানৰ পৰা বিনামূলীয়া চাউল লৈ গৈছিল তেওঁলোকে আজি শিল-বালি মিশ্ৰিত চাউলৰ নমুনা লৈ দানেছ আলী শ্বেখৰ বাসগৃহত উপস্থিত হৈ অৱস্থান গ্ৰহণ কৰে। পিছত উপস্থিত ৰাইজে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত দানেছ আলী শ্বেখৰ পত্নীয়ে ভেজাল চাউল মজুত কৰি ৰখা কোঠালীৰ দৰ্জা খুলি দিয়ে।
ৰাইজ প্ৰৱেশ কৰি লক্ষ্য কৰে যে চৰকাৰী নীতি নিয়ম উলঙ্ঘন ৰেচন ডিলাৰ দানেছ আলী শ্বেখে বস্তাৰ পৰা চাউল উলিয়াই পকী মজিয়াত চাউলৰ পাহাৰ সদৃশ কৰি ৰাখিছে। পিছত ৰাইজে মজিয়াত ৰাখি থোৱা চাউলৰ নমুনা পৰীক্ষা কৰি হাতেলোটে ধৰা পেলায় যে চৰকাৰী ভাবে যোগান ধৰা বিনামূলীয়া চাউলত শিল বালি মিলোৱাটো ধৰা পেলায়।
ইপিনে দুৰ্নীতিগ্ৰস্ত ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ পত্নীক প্ৰশ্ন কৰাত সাংবাদিকৰ আগত স্বীকাৰ কৰে যে পৰিয়ালৰ অন্যান্য সদস্য তীব্ৰ বিৰোধীতা কৰা স্বত্বেও তেখেতৰ স্বামী দানেছ আলী শ্বেখে চম্পাৱতী নৈৰ পৰা ঘৰত আনি থোৱা শিল বালি ৰেচনৰ চাউলত মিহলাইছে। একাংশ উত্তেজিত গ্ৰাহকে দুৰ্নীতিগ্ৰস্ত ৰেচন ডিলাৰ দানেছ আলীৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
দুৰ্নীতিগ্ৰস্ত ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ অনুজ্ঞাপত্ৰ বাতিল কৰক, বিনামূলীয়া চাউল বিতৰণৰ নামত দুৰ্নীতি নচলিব, ৰেচন ডিলাৰ দানেছ আলী শ্বেখ মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এজন গ্ৰাহকে কয় যে যোৱা ১ অক্টোবৰত ২০ কিলোগ্ৰাম চাউল লৈ গৈছিল কিন্তু চাউলত মিহলোৱা শিল বালিৰ পৰিমাণ দেখি ঘৰৰ লোকৰ সন্দেহ হোৱাত চালনি কৰাত ২০ কিলোগ্ৰাম চাউলত প্ৰায় এক কিলোগ্ৰাম শিল বালি ওলাইছে বুলি অভিযোগ কৰে ।
এনেধৰনৰ চাউল কোনোধৰনে খোৱাৰ উপযোগী নহয় আৰু খালে মানুহ অসুস্থ হোৱাৰ আশংকা প্ৰকাশ কৰে। চাৰি বাৰকৈ মক্কাত হজ কৰি অহা ৰেচন ডিলাৰ দানেছ আলী শ্বেখে দুখীয়া দৰিদ্ৰ লোকৰ বাবে চৰকাৰী ভাবে যোগান ধৰা চাউলত শিল বালি মিলোৱাৰ দৰে জঘন্য কাৰ্যক স্থানীয় গ্ৰাহক ৰাইজে সহজ ভাবে লৱ পৰা নাই।
কাৰণ দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে ইয়াৰ আগতেও দুখীয়া ৰাইজৰ নামত আবন্টিত চাউল চোৰ কৰি বিক্ৰী কৰাৰ অভিযোগ হৈছিল। এইজন দানেছ আলী শ্বেখে ২০২০ চনৰ ক'ভিদ মহামাৰী চলি থকা সময়ত ৫ জুন নিশাৰ ভাগত দুখীয়া লোকৰ বাবে আবন্টিত ৪০ বস্তা চৰকাৰী চাউল চাৰিচকীয়া বাহনত উঠাই লৈ যোৱাৰ সময়ত ৰাইজে হাতেলোটে ধৰা পেলাইছিল ।
সেই সময়ত ৰাইজে প্ৰথম ভুল বুলি আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰি লৈছিল। কিন্তু এইবেলি আকৌ এনেধৰনে চৰকাৰী চাউলত শিল বালি মিহলাই গ্ৰাহকক যোগান ধৰা বিষয়টো লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাৰিবাৰকৈ হজ কৰি অহা এজন জেষ্ঠ্য লোকে এনেধৰনৰ অমানৱীয় কাৰ্য্য কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে স্থানীয় আমছু নেতা ইছাহক আলীয়ে ।
এইজন দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে ইয়াৰ আগতেও চোৰ কৰি চাউল বিক্ৰী কৰা হাতেলোটে ধৰা পেলাইছিল। সেয়ে বিনামূলীয়াকৈ বিতৰণ কৰা চৰকাৰী চাউলত শিল বালি মিহলাই গ্ৰাহকৰ মাজত বিতৰণ কৰা ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ অনুজ্ঞাপত্ৰ বাতিল কৰি তেখেতৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অপৰাধত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু বঙাইগাঁও জিলা আয়ুক্তক আহ্বান জনায়।
ইপিনে দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখে সংবাদ পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিক সকলক উৎকোচ দিয়াৰ চেষ্টা কৰে । পিছত সাংবাদিক সকলে সমগ্ৰ বিষয়টো বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকক ফোনযোগে যোগাযোগ কৰি তথ্যপাতি যোগান ধৰি দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু জিলা আয়ুক্ত গৰাকী জনেও এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us