বঙাইগাঁও শোধনাগাৰ চুৰিকাণ্ডৰ সৈতে জড়িত ৫গভাইত চোৰক গ্ৰেপ্তাৰ

চিৰাং আৰক্ষীৰ এই সফলতাক আঁদৰণি বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী ইউনিয়নৰ

author-image
Asomiya Pratidin
New Update
বঙাইগাঁও শোধনাগাৰ চুৰিকাণ্ডৰ সৈতে জড়িত ৫গভাইত চোৰক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,চিৰাং: চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ চুৰিকাণ্ডৰ সৈতে জড়িত বহিঃৰাজ্যৰ অপৰাধীচক্ৰ। উত্তৰ প্ৰদেশৰ পৰা ৫ গভাইত চোৰক গ্ৰেপ্তাৰ কৰি আনি এই তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে চিৰাং জিলা আৰক্ষীয়ে।

Advertisment

চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দি বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ ইতিহাসত সৰ্ববৃহৎ চুৰিকাণ্ড ঘটনা সংঘটিত হোৱাৰ দুই মাহৰ পিছত চিৰাং জিলা আৰক্ষীয়ে উক্ত চুৰিকাণ্ডত সৈতে জড়িত ৫জনকৈ গভাইত চোৰক সদুৰ উত্তৰ প্ৰদেশত গৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

চিৰাং জিলা আৰক্ষী ফালৰ পৰা সদৰি কৰা মতে উক্ত চুৰিকাণ্ডৰ তদন্ত চলোৱাৰ পিছত আৰক্ষীয়ে তথ্য লাভ কৰে যে চুৰিকাণ্ড সংঘটিত কৰা চোৰৰ দলটোৰ পাঁচ সদস্য উত্তৰ প্ৰদেশৰ ছাহৰণপুৰত অন্য এটা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।সেইমৰ্মে চিৰাং আৰক্ষীৰ ১০জনীয়া দল এটা উত্তৰ প্ৰদেশৰ ছাহৰণপুৰত উপস্থিত হৈ ধৃত পাঁচ চোৰক ট্ৰানজিদ ৰিমাণ্ডত লৈ আজি ৰাতিপুৱা চিৰাঙত আহি উপস্থিত হয়।

গ্ৰেপ্তাৰ চোৰ কেইজন ক্ৰমে মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ গুড্ডু মহনীয়া (৩০), পাতাল সিং (৩৩), গাংগু (২৯), ছটু (২৯) আৰু গণপত ওৰফে গণেশ (৩৯) । আজি কাজলগাঁৱৰ থানাৰ আৰক্ষীয়ে ধৃত পাঁচ চোৰক কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰি তদন্ত প্ৰক্ৰিয়াৰ বাবে সাতদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে কিন্তু আদালতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা ২১ জুলাইৰ নিশা বঙাইগাঁও শোধনাগাৰ উপনগৰীত বিষয়া-কৰ্মচাৰী সকলৰ ১৪ টাকৈ আৱাস গৃহত চুৰিকাণ্ড সংঘটিত কৰি প্ৰায় দেৰ কোটি টকা মূল্যৰ সোণ ৰূপৰ আ-অলংকাৰ আৰু নগদ ধন লুটি নিছিল চোৰে।হাই চিকিউৰিটী জ'ন হিচাপে চিহ্নিত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ তথাকথিত নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দি এই বৃহৎ চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীত বসবাস কৰা বিষয়া কৰ্মচাৰী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

শোধনাগাৰৰ বিষয়া কৰ্মচাৰী সকলে তেওঁলোকৰ পৰিয়ালৰ জীৱন সম্পত্তিৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষক জবাবদিহি কৰিছিল। বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ ইতিহাস কলংকিত কৰা এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত তদন্ত কৰি অৱশেষত দুমাহৰ অন্তত চিৰাং আৰক্ষীয়ে উক্ত চুৰিকাণ্ডত জড়িত পাঁচজনকৈ গভাইত চোৰক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ বাবে বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা চিৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।

আগলৈ তদন্ত কৰি চুৰিকাণ্ডৰ সৈতে জড়িত অন্য অপৰাধী সকলকো গ্ৰেপ্তাৰ কৰি চুৰি যোৱা মূল্যবান সামগ্ৰীখিনি ভুক্তভোগী কৰ্মচাৰী সকলক ঘুৰাই দিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে ৰাইজে। ইপিনে উক্ত চুৰিকাণ্ডত জড়িত অপৰাধীচক্ৰটোক বহিঃৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ পিছত সহজতে প্ৰশ্ন উত্থাপিত হৈছে যে বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বেহু ফালি সদুৰ মধ্য প্ৰদেশৰ পৰা আহি একেনিশাই বাছি বাছি আৱাস গৃহ সমূহত কেনেকৈ এই চুৰিকাণ্ড সংঘটিত কৰিবলৈ পালে ?

Also Read: হোজাইত অসম ৰাজ্যিক আশা কর্মী ইউনিয়নৰ দ্বিতীয় ৰাজ্যিক সন্মিলন

Bongaigaon refinery robbery