ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এখন মীন মহল । যাৰ জৰিয়তে থলুৱা মৎস্যজীৱী পৰিয়াল সমূহ স্বাৱলম্বী হোৱাৰ লগতে চৰকাৰেও বৃহৎ পৰিমাণৰ ৰাজহ অর্জন কৰি আহিছে । মীন বিভাগৰ ৰাজকোষ টনকিয়াল কৰি অহা এইখন মীন মহলৰ নাম বলাহী চামপৰা মীন মহল । এইখন মীন মহল যোৱা ২০২২ চনৰ ৮ জুলাইত মীন নিগমে লখিমপুৰ সনাতন গাঁওৰ অনিল দাসক বন্দোবস্তি প্ৰদান কৰিছিল ৭ বছৰৰ বাবে । কিন্তু কাৰিকৰী নিবিদা প্ৰক্ৰিয়া আৰু বন্দোবস্তি প্ৰক্ৰিয়া ক্ৰুটিপূৰ্ণ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বাবে বিষয়টো আদালতৰ মজিয়া পালেগৈ ।
বন্দোবস্তি বঞ্চিত নিবিদাকাৰী যুৱৰাজ দাসৰ পক্ষই জনোৱা অনুসৰি বিধি মতে মহল বন্দোবস্তিৰ পোৱা ব্যক্তিৰ তথা মীন মহল পৰিচালনাকাৰীৰ স্বাক্ষৰ নিবিদাকাৰী অনিল দাসৰ থাকিব লাগে । কিন্তু ক্ৰুটিপূৰ্ণ ভাবে উক্ত স্থানতমহলদাৰৰ স্বাক্ষৰ কৰিছিল ধেমাজি জিলাৰ গোগামুখৰ ভেবেলি গ্ৰেজিং মাজ গাঁওৰ অৰবিন্দ দাসে । যিটো মীন আইনৰ বিৰোধী । তাৰোপৰি বিভিন্ন নথিপত্ৰ বিসংগতি আছিল উক্ত বিলৰ কাৰিকৰী নিবিদাত ।
এই বিসংগতিৰ প্ৰতিবাদ জনাই দ্বিতীয় শীর্ষ নিবিদাকাৰী যুৱৰাজ দাসে গোচৰ তৰিছিল আদালতত । সম্প্ৰতি আদালতৰ বিচাৰাধীন অৱস্থাত থকা এই গোচৰৰ বিপৰীতে কোনো স্থায়ী বা অস্থায়ী ব্যক্তিক বন্দোবস্তি প্ৰদান কৰা হোৱা নাই মীনমহলৰ । তৎস্বত্তেও বিগত বহু সময় ধৰি এইখন মীন মহল নীতি বৰ্হিভূত ভাবে পৰিচালনা কৰি চৰকাৰী ৰাজহ ব্যাপক পৰিমানে লোকচান কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতাৰ লগতে সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ,ঘিলামৰা থানাত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰা হৈছে । নদীপৰীয়া বলাহী গাঁওৰ নিবনুৱা যুৱক তথা এই মীন মহলৰ দ্বিতীয় শীর্ষ নিবিদাকাৰী যুৱৰাজ দাসে এই অভিযোগ উত্থাপন কৰি মহকুমা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক অভিযোগপত্ৰ প্ৰদান কৰিছে ।
উথাপিত অভিযোগ মতে সম্প্ৰতি এই চৰকাৰী মীন মহলখন ধেমাজী জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰেজিং মাজগাঁওৰ অৰবিন্দ দাসে অবৈধ নীতি নিয়মেৰে পৰিচালনা কৰাই নহয় স্বয়ম্ভূ মহলদাৰ হৈ একাংশ ব্যক্তিৰ পৰা মহলৰ অংশ প্ৰদানৰ নামত লাখে লাখে পুঁজি সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰিছে সংবাদমাধ্যমৰ আগত । পৰিণতিত চৰকাৰী সকলো নীতি নিয়ম উফৰাই , মীন নিগমৰ নীতি নিৰ্দেশনা উলংঘা কৰি অসাংবিধানিক ভাবে মীন মহলখন পৰিচালনা কৰাৰ বাবে চৰকাৰ বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হোৱাই নহয় যোগ্য ব্যক্তিক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰিছে ।
ঢকুৱাখনা মহকুমাৰ এইখন প্ৰচুৰ ৰাজহ সংগ্ৰহকাৰী মীন মহলৰ সুস্থ পৰিচালনাৰে ৰাজকোষ টনকিয়াল কৰাৰ ক্ষেত্ৰত মীন বিভাগৰ দায়িত্বহীন ভূমিকাৰ বাবেই অবৈধ ভাৱে আৰু চোৰাংকৈ বৃহৎ পৰিমাণৰ দৈনিক মাছ ধৰি গোপনে বিক্ৰী কৰি এনেবোৰ চক্ৰই ধাৰাবাহিক মুনাফা অর্জন কৰি আহিছে । চৰকাৰী নীতি নিৰ্দেশনা পৰীক্ষণ কৰা অথবা বৈধ অবৈধ নিৰ্ণয় কৰাত অলপো গুৰুত্ব আৰোপ নকৰা জিলা আৰু মহকুমা মীন বিভাগৰ এনে উদাসীন মনোবৃত্তিৰ বাবেমীন মহলখনত দিনে নিশাই মাছ ধৰি চৰকাৰী ৰাজহ লোকচান কৰি আহিছে । এই ক্ষেত্ৰত মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে নদীপৰীয়া মৎস্যজীৱী ৰাইজে । তাৰোপৰি মীন নিগমৰ তাৎক্ষণিক কঠোৰ পদক্ষেপ কামনা কৰিছে ।