ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শ্বহীদ সুৱান ৰাভা সোঁৱৰণী নৱম বাৰ্ষিক ভলীবল প্ৰতিযোগিতা । শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰ ৰম্যপুৰ আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হোৱা ভলীবল খেল প্ৰতিযোগিতাত শনিবাৰে চূড়ান্ত খেলৰ শেষত তচৰ জৰিয়তে প্ৰথম আৰু দ্বিতীয় দল হিচাপে নিৰ্বাচিত হয় ক্ৰমে – চি বি ভলীবল দল আৰু বকো ভলীবল দলে।
শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰাকেশ বড়ো চি বি ভলীবল দলৰ। দক্ষিণ বনগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰম্যপুৰ আঞ্চলিক যুৱক সংঘৰ সহযোগত অনুষ্ঠিত শনিবাৰৰ চূড়ান্ত খেল সমাপ্ত হোৱাৰ পিছতে বঁটা-বিতৰণি সভা অনুষ্ঠিত হয় । বঁটা-বিতৰণি সভাত সভাপতিত্ব কৰে ৰম্যপুৰ আঞ্চলিক যুৱক সংঘৰ সভাপতি সুবৰ্ণ ৰাভাই ।
সভাত অংশ গ্ৰহণ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কুমাৰ ৰাভা , ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্যসম্পাদক ননীগোপাল ৰাভা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , আদিত্য ৰাভা, প্ৰতিনিধি মিনতি বড়ো , পঞ্চায়ত সভাপতি সঞ্জীৱ ৰাভা , ৰম্যপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ৰাভা, সম্পাদক বনজিৎ ৰাভা, দক্ষিণ কামৰূপ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি সঞ্জয় চোধুৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে। আঁতধৰে ৰম্যপুৰ আঞ্চলিক যুৱক সংঘৰ সাধাৰণ সম্পাদক কাৰ্তিক ৰাভাই। শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচন কৰাৰ বাবে বিশেষ বিচাৰক হিচাপে অংশ গ্ৰহণ কৰে ক্ৰমে অমৃত বড়ো আৰু কৌশিক বড়োই। খেলৰ মাজতে মনোৰঞ্জনৰ বাবে ছোৱালী দলৰ মাজতো ভলীবল খেল অনুষ্ঠিত কৰে ।