বকোত মন্দিৰৰ পৰা টকা চুৰিৰ ঘটনা…

বকোত মন্দিৰৰ পৰা টকা চুৰিৰ ঘটনা…

author-image
asomiyapratidin
New Update
বকোত মন্দিৰৰ পৰা টকা চুৰিৰ ঘটনা…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে পুৱতি নিশা চোৰে এটা মন্দিৰৰ টকা-পইচাকে ধৰি এটা পৰিয়ালৰ ঘৰৰ পৰা চাইকেল, কাপোৰ চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, বকো থানাৰ অন্তৰ্গত নাগোপাৰা গাঁৱৰ যমুনেশ্বৰ শিৱালয়ৰ তিনিটাকৈ দানপাত্ৰ ভাঙি নিশা চোৰে চুৰি কৰি লৈ যায়।

Advertisment

গাঁওখনৰ নিৰণ ৰাভাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এখন চাইকেল আৰু কাপোৰ পৰ্যন্ত চুৰি কৰি নিয়ে। চোৰৰ দলটোৱে যমুনেশ্বৰ শিৱালয়ৰ সন্মুখৰ কানাইলাল বড়োৰ চাইকেল দোকানত সোমাই সা-সামগ্ৰী চুৰি কৰিবলৈ লওঁতেই ওচৰত থকা দোকানী টোপনিৰ পৰা সাৰ পোৱাত চোৰে পলাই পত্ৰং দিয়ে। মঙলবাৰে পুৱা শিৱালয়ৰ পৰিচালনা সমিতিয়ে চুৰি কাণ্ডৰ বিষয়ে বকো থানা সবিশেষ জনাই ঘটনাৰ লগত জড়িত লোকক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনাই এজাহাৰ দাখিল কৰিছে।