Advertisment

সন্দেহজনক লোকৰ অবাধ বেদখলঃ স্থানীয় ৰাইজ আৰু আছুক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে প্ৰশাসনে..

সন্দেহজনক লোকৰ অবাধ বেদখলঃ স্থানীয় ৰাইজ আৰু আছুক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে প্ৰশাসনে..

author-image
asomiyapratidin
New Update
সন্দেহজনক লোকৰ অবাধ বেদখলঃ স্থানীয় ৰাইজ আৰু আছুক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে প্ৰশাসনে..

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত গোচৰণীয়া ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত তামুলদিগাঁৱৰ ৩২৯ বিঘা গোচৰণীয়া ভূমি সন্দেহজনক লোকে বেদখল কৰিছে। প্ৰায় ২০বছৰৰো অধিক পূৰ্বেৰে পৰা তামুলদিগাঁৱত এই সন্দেহজনক লোকসকলে বেদখল কৰি বসবাস কৰিব লৈছে । জানিবপৰা মতে পূৰ্বতে সেই ঠাইত পৰিয়ালৰ সংখ্যা কিছু কম আছিল যদিও সম্প্ৰতি সেই ভূমিত পৰিয়ালৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে।

Advertisment

২০০৩ চনতে তামুলদিগাঁৱৰ সমীপৰ ত্ৰিলোচনগাঁৱৰ ৰাইজ আৰু আছুৱে ভূমি বেদখল কৰা পৰিয়ালেবোৰক উচ্ছেদৰ বাবে আৰক্ষী-প্ৰশাসনক দাবী জনাইছিল। কিন্ত যোৱা পোন্ধৰ বছৰে আৰক্ষী-প্ৰশাসনে  সন্দেহজনক পৰিয়ালবোৰক উচ্ছেদ নকৰিলে । জানিব পৰা মতে সেই সময়ত ত্ৰিলোচনগাঁৱৰ ৰাইজ আৰু আছুৰ দলটোক প্ৰশাসনে তামুলদিগাঁৱৰ গোচৰণীয়া ভূমিৰ জৰীপ কৰা হ'ব আৰু সেই জৰীপৰ ভিত্তিত পৰিয়ালবোৰক উচ্ছেদ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু আজিলৈকে সেই জৰীপ প্ৰক্ৰিয়া আৰম্ভ নহ'ল ।প্ৰশাসনে জৰীপ আৰম্ভ কৰিব বুলি এতিয়াও ৰাইজে আশা কৰি আছে ।

বিশেষ সূত্ৰই এটাই প্ৰকাশ কৰা মতে তামুলদিগাঁৱৰ গোচৰণীয়া ভূমি বেদখল কৰি বসবাস কৰা অধিক সংখ্যক পৰিয়ালৰে ভোটাধিকাৰ নাই। ইয়াৰ বিপৰীতে আন একাংশ পৰিয়ালে এচাম মধ্যভোগীৰ জৰিয়তে কৌশলেৰে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰি লৈছে। ত্ৰিলোচনগাঁৱৰ পৰিয়ালৰ লোকৰ নামৰ মাজত ভোটাৰ তালিকাত সন্দেহজনক লোকৰ নাম সন্নিবিষ্ট কৰাৰ দৰে আপত্তিজনক তথ্য পৰ্যন্ত পোহৰলৈ আহিছে । স্হানীয় বাসিন্দাই চৰকাৰী আঁচনিৰ সা-সুবিধা সহজতে লাভ নকৰাৰ বিপৰীতে গোচৰণীয়া ভূমি বেদখল কৰি বসবাস কৰা পৰিয়ালবোৰে চৰকাৰী ঘৰ, শৌচালয় , বিদ্যুত সংযোগ, বাট-পথ লাভ কৰিছে ।