/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/swahid-bedi-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল সংবাদ, বকো: ৰাভা হাছং স্বায়িত শাসিত পৰিষদীয় এলেকা ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তৰ দাবীৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতি ৰক্ষাৰ্থে বকোত নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ বেদী এটা আজি শুভ উন্মোচন কৰা হয়। ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদীয় এলেকাৰ কামৰূপ জিলাৰ বকো পৰিষদীয় সমষ্টিৰ জাৰাপাৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ বেদীতো উন্মোচন কৰে শ্বহীদ সুভান ৰাভাৰ মাতৃ আইকন ৰাভাই ।
কোভিড প্ৰটকলৰ মাজেৰে শ্বহীদ বেদী উন্মোচনী অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্হাৰ উপ-সভাপতি প্ৰদীপ ৰাভা, সহকাৰী সম্পাদক হিতেশ্বৰ ৰাভা, সাংস্কৃতিক সম্পাদক ফুলেশ্বৰ ৰাভা , কামৰূপ জিলা ৰাভা ছাত্ৰ সন্হাৰ সভাপতি-সম্পাদক ক্ৰমে – আজিত ৰাভা আৰু নমল কুমাৰ ৰাভা , ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক ননীগোপাল ৰাভা , কামৰূপ জিলা ৰাভা ছাত্ৰ সন্হাৰ সভাপতি-সম্পাদক ক্ৰমে – বিদ্যা ৰাভা আৰু পূৰ্ণ ৰাভা , কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী জোনালী ৰাভা , ২নং বেকেলি জিলা পৰিষদৰ সদস্য সভাৰাম ৰাভা , ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধক্ষ্য ৰমাকান্ত ৰাভা , কাৰ্যবাহী সদস্য ক্ৰমে-সুমিত ৰাভা, আদিত্য ৰাভা, প্ৰতিনিধি অৰ্জুন ছেত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিয়ে । উল্লেখযোগ্য যে বুধবাৰে শ্বহীদ বেদী শুভ উন্মোচন কৰা আইকন ৰাভা ২০০৯ বৰ্ষৰ ১০ ছেপ্টেম্বৰত ষষ্ঠ অনুসূচীৰ সংগ্ৰামত প্ৰান আত্মবলিদান দিয়া ৰাভা ছাত্ৰনেতা সুভান ৰাভাৰ মাতৃ ।