চোৰাং ডিজেল সৰবৰাহৰ সন্দেহত বকোত দুখন গাড়ী জব্দ, সোধ-পোছ অব্যাহত আৰক্ষীৰ…

চোৰাং ডিজেল সৰবৰাহৰ সন্দেহত বকোত দুখন গাড়ী জব্দ, সোধ-পোছ অব্যাহত আৰক্ষীৰ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে একংশ ৰাইজে ডিজেল কঢ়িয়াই অনা গাড়ী জব্দ কৰা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত দেওচৰ গাঁৱৰ পথ এটাৰে এএছ-২৫ ডিচি-৯৬৭৩ নম্বৰৰ গাড়ী খনে ডিজেল কঢ়িয়াই অনা দেখি গাঁৱৰ একাংশ লোকে সন্দেহ:বশত গাড়ীখন জব্দ কৰে ।

গাড়ীত চালকৰ সৈতে থকা আন এগৰাকী লোকে ডিজেলখিনি আগচিয়াৰ পৰা কিনি অনা বুলি জনায়। খেতি কৰাৰ বাবে ট্ৰেক্টৰ, পৱাৰপাম্পৰ বাবে প্ৰয়োজনীয় ডিজেলখিনি ছয়গাঁৱৰ গৰৈমাৰীলৈ নিব আৰু চালক সহ অইন লোকগৰাকী ক্ৰমে- ৰূপচান আলি আৰু বুবুল আলি বুলি চিনাকী দিয়ে।

দুয়োৰে কথাত ৰাইজৰ সন্দেহ ওপজাত বকো আৰক্ষীক খবৰ দিয়ে। ৰাইজ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে ডিজেলসহ গাড়ীখন জব্দ কৰি বকো থানালৈ আনিছে।সম্প্ৰতি লোক দুগৰাকীক সোধপোছ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in