ডিজিটেল সংবাদ বকোঃ বকোত জুইত ভষ্মীভূত হোৱা পৰিয়ালৰ কাষত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ লগতে পঞ্চায়ত প্ৰতিনিধি । শুক্ৰবাৰে জুইত ভষ্মীভূত হৈছিল বকো টুৰুকপাৰাগাঁৱৰ সুমিত্ৰা ছেত্ৰী নামৰ মহিলাগৰাকীৰ ঘৰ-দুৱাৰ। আনৰ ঘৰত কাম-বন কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া মহিলাগৰাকীৰ ঘৰত ধূপকাঠিৰ পৰা জুই বিয়পি গেছৰ চিলিণ্ডাৰত লাগি ঘৰ-দুৱাৰৰ উপৰিও ঘৰৰ ভিতৰত থকা সা-সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মিভূত হয় ।
শনিবাৰে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , প্ৰতিনিধি অৰ্জুন ছেত্ৰী , ১০নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সভাপতি গনেশ ৰাভা, উপ-সভানেত্ৰী সেউজী ৰাভা , টুৰুকপাৰাগাঁৱৰ বিশিষ্ট ব্যক্তি নীলকান্ত ৰাভাই বাচন-বৰ্তন আৰু বিছনা সামগ্ৰী প্ৰদান কৰে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্বামী তীৰ্থ বাহাদুৰ ছেত্ৰীৰ ২২ বছৰ আগেতে অকাল বিয়োগ হয় । আনহাতে পুত্ৰই জীৱন নিৰ্বাহৰ বাবে ৰাজস্থানত থাকি কাম কৰে ।