মেঘালয়ত চামিল নহ’লে অসমৰ গাঁৱৰ বাসিন্দাক ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ ভাবুকি…

মেঘালয়ত চামিল নহ’লে অসমৰ গাঁৱৰ বাসিন্দাক ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ ভাবুকি…

author-image
asomiyapratidin
New Update
মেঘালয়ত চামিল নহ’লে অসমৰ গাঁৱৰ বাসিন্দাক ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ ভাবুকি…

ডিজিটেল সংবাদ, বকো: অসম-মেঘালয় ৰাজ্যৰ সীমা বিবাদক কেন্দ্ৰ কৰি জটিল ৰূপ লৈছে বকোত। কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত মেঘালয় ৰাজ্যৰ সীমাত থকা অসমৰ গাঁৱৰ বাসিন্দাই মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাত চামিল নহ'লে অসম বিদ্বেষী লোকে ঘৰ-দুৱাৰ পৰ্যন্ত জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে বকোৰ মেঘালয় ৰাজ্যৰ সীমাত থকা গাঁৱৰ একাংশ লোকে বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যোগেদি তেওঁলোকক অসম বিদ্বেষী লোকে ভয়-ভাবুকীৰে সন্ত্ৰস্ত কৰি অহা বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে । লগতে সেই বাসিন্দা সকলে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত কোনো কাৰণতে চামিল নহয় বুলিও স্পষ্ট কৰি দিয়ে।

Advertisment

বৃহস্পতিবাৰে সীমান্তবৰ্তী অসমৰ গাঁৱৰ একাংশ পুৰুষ-মহিলাই বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত 'আমি অসমৰ মানুহ , অসমতে থাকিম ' , ' অসম বিদ্বেষীক দমন কৰক' , ' অসমৰ ভূখণ্ড বচাওক ' – আদি বিভিন্ন শ্লোগান দি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে । সীমান্তত থকা হুৱাপাৰা , শালবাৰী , গোসাঁনীমাৰা , শিলডুবি আদিকে ধৰি বিভিন্ন গাঁৱৰ বাসিন্দাই  অসম বিদ্বেষীয়ে তেওঁলোকক মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ'ব নিবিচৰাৰ বাবে কেনেধৰণে নিৰ্যাতন কৰি আহিছে তাৰ ভয়বহ বৰ্ণনা দিয়ে । আনকি শেহতীয়াকৈ মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ'ব নিবিচৰাৰ বাবে অসমৰ গাঁৱৰ বাসিন্দাৰ ঘৰ-দুৱাৰ পৰ্যন্ত জ্বলাই দিয়াৰ দৰে ভাবুকিৰে সন্ত্ৰাস চলোৱাৰ কথা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ সন্মুখত বিৱৰী কয় ।

অসম বিদ্বেষীৰ নিৰ্যাতনৰ পৰা নিৰাপত্তা দিবলৈ তেওঁলোকে প্ৰশাসনীক বিষয়া গৰাকীৰ ওচৰত অনুৰোধ কৰে। সীমান্তত থকা গাঁওবোৰৰ অধিক সংখ্যক লোকেই অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিব বিচাৰে আৰু কোনো কাৰণতে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাত চামিল হ'ব নিবিচৰে যদিও অসম বিদ্বেষী লোকৰ ভয়ত অসমৰ বাসিন্দা সকলে মুখ খুলিব নোখোজে বুলি জনায়। নিৰাপত্তাহীনতাৰ বাবেই আজিও বহুলোকেই স্মাৰকপত্ৰ দিবলৈ ওলাই অহা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে । ইমান দিনে সীমান্তত থকা অসমৰ গাওঁ সমূহ মেঘালয়ত চামিল হ'ব খোজে বুলি যি এখন ছবি ৰাইজে দেখি আহিছিল আজিৰ প্ৰতিবাদে এখন ওলোটা ছবিহে স্পষ্ট কৰিছে ।