বকোত নৃশংস হত্যাকাণ্ড…

বকোত নৃশংস হত্যাকাণ্ড…

author-image
asomiyapratidin
New Update
বকোত নৃশংস হত্যাকাণ্ড…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত এগৰাকী লোকক নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে- বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ কিশোৰ চেত্ৰী (৪৭) নামৰ লোকগৰাকীয়ে যোৱা নিশা ঘৰলৈ অহা নাছিল । পৰিয়ালৰ লোকে নিশা কাৰোবাৰ ঘৰত থকা ভাবিছিল যদি সোমবাৰে পুৱা ঘৰৰ কিছু নিলগত পথৰৰ দাঁতিত পৰি থকা দেখি ওচৰলৈ গৈ ভালকৈ চোৱাত লোকগৰাকীৰ ইতিমধ্যে প্ৰাণ-বায়ু উৰি যোৱা বুলি নিশ্চিত হয় ।

Advertisment

মূৰকে ধৰি শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্টকৈ থকা লোকগৰাকীক কোনোবাই হত্যা কৰা বুলি কৰা অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে কিশোৰ চেত্ৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । মৃত্যুৰ সময়ত কিশোৰ চেত্ৰীয়ে পত্নী জানুকা চেত্ৰী , দুগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ যায় ।