
ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত দেওবাৰে নিশা এখন বালি সৰবৰাহ কৰা ডাম্পাৰ এখন জব্দ কৰিছে। ঘটনাৰ বিৱৰণী মতে দেওবাৰে নিশা প্ৰায় ১০ বজাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ এছ ০১ এইচ চি ৩২৯ নম্বৰৰ ডাম্পাৰখনে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে বালি কঢ়িয়াই আনিছিল।
সেই সময়তে বকোত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ডাম্পাৰখন জব্দ কৰে । বনবিভাগে দাবী কৰা মতে ডাম্পাৰখনৰ বালিসৰবৰাহ কৰা কোনো ধৰণৰ বিভাগীয় অনুমতি পত্ৰ নাই । পলাশবাৰী মিৰ্জাৰ অংকুৰ বৰাৰ ডাম্পাৰখন সম্প্ৰতি বনবিভাগে জব্দ কৰি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰাখিছে ।