/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/ghsdhumuha73517447-5f59-41e1-aeff-5ef82261d909.jpg)
ডিজিটেল সংবাদ, বকো: মঙলবাৰে বিয়লি হোৱা ধুমুহা-বৰষুণৰ ফলত কামৰূপ জিলাৰ বকোত বিস্তৰ ক্ষতি সাধন হয়। ঘটনাৰ বিৱৰণী অনুসৰি বিয়লি প্ৰায় ২বজাত প্ৰথমতে প্ৰচণ্ড বতাহ বলে । ইয়াৰ লগে লগে আহে ধুমুহা আৰু বৰষুণ । ফলত বকোৰ বিভিন্ন অঞ্চলত গছ-গছনি উভালি পৰাৰ লগে লগে ঠায়ে ঠায়ে ঘৰ-দুৱাৰো ভাঙি পেলায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/c9965f3f-811d-420a-9480-81ce1e44f317-1024x461.jpg)
জানিব পৰা মতে, ছমৰীয়া বৰালীমাৰা চ'কৰ ঈশ্বৰ ৰয়ৰ কাঠ দোকানখন ধুমুহাই উৰুৱাই নিয়ে । দোকানৰ টিনপাত সমূহ ধুমুহাই উৰুৱাই নিয়াত দোকানৰ ভিতৰত থকা বহু টকাৰ কাঠ বৰষুণত তিতি গৈছে । আনহাতে বকোৰ বিভিন্ন পথত ধুমুহাৰ ফলত উভালি পৰা গছ-গছনি সমূহ ৰাইজে ধুমুহা-বৰষুণৰ পিছতে কাটি মোকলাই লয় ।