বকোত নদীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ, আৰক্ষীৰ অনুসন্ধান অব্যাহত…

বকোত নদীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ, আৰক্ষীৰ অনুসন্ধান অব্যাহত…

author-image
asomiyapratidin
New Update
বকোত নদীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ, আৰক্ষীৰ অনুসন্ধান অব্যাহত…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত মঙলবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত পয়ৰেঙ্গা আৰু ত্ৰিলোচন গাঁৱৰ মাজেৰে বৈ যোৱা খৰখৰী নদীৰে বিয়লি প্ৰায় ২বজাত মৃতদেহ এটা ভাহি অহা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

Advertisment

মৃতদেহটো দেখা লগে লগে বকো থানাত জনাই ৰাইজে । বকো আৰক্ষীৰ দলে মৃতদেহটো নদীৰ পৰা উদ্ধাৰ কৰি বকো থানালৈ আনে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহটো ২৫-২৬ বছৰীয়া অচিনাক্ত যুৱকৰ । যুৱক গৰাকীক কোনোবাই হত্যা কৰি নদীত উটুৱাই দিয়া বুলি ধাৰণা কৰা হৈছে। মৃত যুৱক গৰাকীক চিনাক্ত কৰাৰ ববে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।