বকোত ‘কা’ৰ বিৰোধিতা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ বাইক ৰেলী…

বকোত ‘কা’ৰ বিৰোধিতা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ বাইক ৰেলী…

author-image
asomiyapratidin
New Update
বকোত ‘কা’ৰ বিৰোধিতা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ বাইক ৰেলী…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শনিবাৰে দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিশাল মটৰ চাইকেল সমদল উলিয়ায়। ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী সকলে প্ৰথমতে বকোৰ দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মিলিত হয়। ইয়াৰ পিছত 'কা আমি নামানো' , 'আছু জিন্দাবাদ' , 'বিজেপিক মুৰ্দাবাদ' আদি শ্লোগান দি বকোৰ আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে।

আছুৰ নেতা-কৰ্মী সকলৰ মটৰ চাইকেল সমদলটো কাৰ্যালয়ৰ সন্মুখৰ পৰা ছমৰীয়া-বকো গড়কাপ্তানী পথেৰে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উঠে। ইয়াৰ পিছত সমদলটো আগচিয়ালৈ গৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো থানাৰ সন্মুখেৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সন্মুখলৈ যায়। মহাবিদ্যালয়খনৰ সন্মুখৰ পৰা পুনৰ দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আহে ।

দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মাই এই নিৰ্বাচনৰ সময়তো কোনো এটা ৰাজনৈতিক দলে 'কা' সম্পৰ্কত স্পষ্ট নীতি গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে। তামিলনাডুত বিজেপিয়ে 'কা' বিৰোধিতা কৰে আৰু সেই বিজেপিয়ে পশ্চিম বংগত 'কা'ৰ সমৰ্থন কৰে বুলি আঙুলিয়াই দিয়ে। ইয়াৰ বিপৰীতে অসমত 'কা' সম্পৰ্কত নীৰৱতা অৱলম্বন কৰিছে বুলি ছাত্ৰ নেতা গৰাকীয়ে কয়। ছাত্ৰ নেতাগৰাকীয়ে অসম গণ পৰিষদৰ উপৰিও কংগ্ৰেছ, এ আই ইউ ডি এফকো তীব্ৰ সমালোচনা কৰে।