
ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত পথ দুৰ্ঘটনাৰ ফলত এজন লোকৰ থিতাতে মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত লামপাৰত মঙলবাৰে সন্ধিয়া প্ৰায় ৭বজাত এ এছ ০১ এ পি ৮৭০৯ নম্বৰৰ মটৰ চাইকেলত এখনে তীব্ৰ বেগী ইন'ভাই খুন্দা মাৰে। ফলত মটৰচাইকেল আৰোহী মোজেন দাস (৩২)ৰ থিতাতে মৃত্যু হয় ।
নিহত মোজেন দাসৰ ঘৰ বকোৰ বৰখাল গাঁৱত আৰু তেওঁ ছাটাবাৰী উদ্যোগপামৰ চি জি ফুডৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। পেট্ৰ'ল পাম্পত তেল ভৰাই ঘৰলৈ ঘূৰি গৈ থাকোতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে বকো আৰক্ষীয়ে মটৰ চাইকেলখনৰ লগতে মৃতদেহটো আনি বকো থানাত ৰাখিছে। আনহাতে খুন্দা মাৰি থৈ যোৱা ইন'ভা গাড়ীখন দুৰ্ঘটনাৰ পিছতে পলাই পত্ৰং দিয়ে।