/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/bokakhat-himanta-rhinooo.jpg)
ডিজিটেল ডেস্কঃ চোৰাং চিকাৰীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- সাৰি যাব নোৱাৰিব গঁড়ৰ চোৰাং চিকাৰী। বোকাখাতত বুধবাৰে গঁড়ক লৈ মানুহৰ মাজত থকা অন্ধবিশ্বাসৰ বিপৰীতে বন বিভাগৰ সহযোগত বিভাগটোৰ হাতত থকা ২৪৭৯টা গঁড়ৰ খৰ্গ দাহন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- এয়া এক বলিষ্ঠ পদক্ষেপ। উল্লেখযোগ্য যে, বন বিভাগৰ হাতত সৰ্বমুঠ ২৬২৩টা খৰ্গ আছিল। ইয়াৰে ২৪৭৯টা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহন কৰাৰ লগতে ৯৪টা বিশেষ খৰ্গ সংৰক্ষণৰ বাবে থোৱা হৈছে।
ইয়াৰ উপৰিও ৫০টা খৰ্গৰ আদালতৰ গোচৰাধীন হৈ থকাৰ বাবে থৈ দিছে বন বিভাগে। ভুল ধাৰণা লৈ গঁড় হত্যা নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়- মানুহৰ মাজত অন্ধবিশ্বাস দূৰ কৰিবলৈকে আজি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গঁড়ক হত্যা নকৰি জীয়াই ৰখাটোৱেই আমাৰ গৌৰৱ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। বন্যপ্ৰাণীৰ অংগ ব্যৱসায় এই চৰকাৰে কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়- গঁড় হত্যা এক আইন বিৰোধী কাম। খৰ্গসমূহ ৰাখি থলে আমিও অন্ধবিশ্বাসৰ বশৱৰ্তি হৈ থাকিম বুলি তেওঁ ভাষণত উল্লেখ কৰে।
মৃত গঁড়ৰ খৰ্গ আপুৰুগীয়া আৰু মূল্যবান নহয় বুলি উল্লেখ কৰি তেওঁ জীৱন্ত গঁড়হে আমাৰ বাবে গৌৰৱ বুলি কয়। অসমবাসীয়ে গঁড়ক জীৱন্তে ৰখাতহে গৌৰৱবোধ কৰে আৰু এই গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচী এক সাহসী পদক্ষেপ বুলি উল্লেখ কৰি তেওঁ খৰ্গৰ বাবে কেতিয়াও গঁড় হত্যা নকৰিবলৈ আহ্বান জনায়। কেৱল অসমৰ বাবেই নহয়, এয়া বিশ্ববাসীৰ বাবে এক বাৰ্তা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
বৈজ্ঞানিকভাৱে খৰ্গ সংৰক্ষণ কৰিলে ছাত্ৰ-ছাত্ৰীৰ বাবে সেয়া অধ্যয়নত সুবিধা হ'ব বুলিও তেওঁ কয়। বিশ্বৰ আটাইতকৈ দ্বিতীয় দীঘল খৰ্গটোকে ধৰি কেইবাটাও গঁড়ৰ খৰ্গ তেনে এক ইতিবাচক দৃষ্টিৰে সংৰক্ষণ কৰি ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে এই গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীত উপস্থিত থাকি তেওঁ ঘোষণা কৰে যে- এতিয়াৰ পৰা গঁড়ৰ মৃত্যু হ'লে সেই গঁড়ৰ খৰ্গটো দাহন কৰা হ'ব।
উল্লেখযোগ্য যে, গঁড়ৰ খৰ্গ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা নিৰ্মূলকৰণৰ বাবে বিশ্ব গঁড় দিৱস উপলক্ষে খৰ্গৰ সৰ্ববৃহৎ নিষ্পত্তিকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বোকাখাত ষ্টেডিয়াম গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিল এই দাহন কাৰ্যসূচী। চোৰাং চিকাৰীৰ বিৰুদ্ধে শক্তিশালী বাৰ্তা প্ৰেৰণৰ লগতে মানুহৰ মাজত অন্ধবিশ্বাস থকাৰ দৰে গঁড়ৰ যে কোনো ঔষধি গুণ নাই তাৰ সত্যতা প্ৰচাৰৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হৈছিল।