/asomiyapratidin/media/media_files/2025/07/05/ffffffffff-2025-07-05-10-16-51.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা গাঁৱত অৱস্থিত শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত ২০১৫ চনত স্থাপিত মহুৰামুখ জাতীয় বিদ্যালয়ত প্ৰয়াস কাব্য কানন,বোকাখাত আৰু কমাৰগাঁও মহাবিদ্যালয় কাব্য কাননৰ উদ্যোগত, মহুৰামুখ জাতীয় বিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ সহযোগত অহা ইংৰাজী ৭ জুলাই পৰা ১০ জুলাইলৈকে এখনি আবৃত্তি কৰ্মশালা আবৃত্তিৰত্ন তথা কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপীকা ড° গায়ত্ৰী বৰা কাকতি মুখ্য প্ৰশিক্ষকৰূপে আৰু সহযোগী প্ৰশিক্ষক তথা বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদৰ দ্বাৰা দুটা শাখাত কৰ্মশালা অনুষ্ঠিত হ'ব ।
নিম্ন শাখা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ শাখা বয়সৰ উৰ্দ্ধতম সীমা নিদিষ্ট নহয় । কৰ্মশালাত অংশগ্ৰহণ কৰিব বাবে স্থানীয় ছাত্ৰ/ছাত্ৰী তথা আবৃত্তি ভালপোৱা সকলোকে অংশগ্ৰহণ কৰিব বাবে মহুৰামুখ জাতীয় বিদ্যালয়ৰ কাৰ্যালয় সম্পাদক ইভান লইঙে জনায় আৰু ৮১৩৩০৩৮৮৩৯/৯১০১৯১৯১৫৬ এই ভ্ৰাম্যভাষ নম্বৰত যোগাযোগ কৰিলে বিস্তৃতভাৱে জ্ঞাত হ'ব পাৰিব ।