মৰণফাণ্ডত পৰিণত বোকাখাতৰ এখন বাঁহৰ দলং...

৫০ খনৰো অধিক গাঁৱৰ ৰাইজক এটা দশক ধৰি যমৰ যাতনা ভোগাই আহিছে
bokakhat
bokakhat

ডিজিটেল সংবাদ, বোকাখাত : মৰণফাণ্ডত পৰিণত হৈছে বোকাখাতৰ এখন বাঁহৰ দলং। বোকাখাত বিধানসভা সমষ্টিৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঁহৰ দলঙখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৃহত্তৰ জাপৰিপথাৰ অঞ্চলৰ ৫০ খনৰো অধিক গাঁৱৰ ৰাইজক এটা দশক ধৰি যমৰ যাতনা ভোগাই আহিছে।

জাপৰিপথাৰৰ পৰা বৰজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটি পথৰ তথা ডিফলু নৈৰ ওপৰত থকা এই দলঙখনে প্ৰতিদিনে জীয়াতু ভোগাই আহিছে বৃহত্তৰ জাপৰি পথাৰবাসী সাধাৰণ ৰাইজ, ৰোগী আৰু ছাত্ৰ-ছাত্ৰীক।

"আমি সৰুৰে পৰা এই দলঙখনৰ এই অৱস্থাৰ মাজেদিয়েই অহা-যোৱা কৰি আছোঁ, ইলেকচনৰ সময়ত বিধায়ক অতুল বৰাই দলঙখন আৰু পথটো পকীকৰণৰ কথা কৈছিল যদিও ইলেকচনৰ পাছত তেঁও ইয়ালৈ অহা নাই" - এজন চল্লিছ উৰ্ধৰ জাপৰি পথাৰবাসীয়ে ক'লে এনেদৰে।

দৈনিক সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নিশাই হওক বা দিনৰ ভাগতেই হওক এই দলঙখনৰ ওপৰেদি যাতায়ত কৰা পথচাৰী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মুমূৰ্ষ অৱস্থাত ভৰ্তি কৰিবলগীয়া হৈছে চিকিৎসালয়ত।

শেহতীয়াকৈ সংঘটিত কেইবাটাও দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব লগীয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰ্যন্ত। তাৰপাছতো এটা দশক জোৰা গাওঁবাসীৰ আবেদন নিবেদনৰ পাছতো এখন পকী দলঙ নিৰ্মাণ কৰি দিয়াতো দুৰৰে কথা জৰাজীৰ্ণ বাঁহৰ দলঙখন মেৰামতি কৰিবলৈও আহৰি ওলোৱা নাই বিভাগীয় কৰ্তৃপক্ষৰ।

ইফালে দুটাকৈ কাৰ্যকাল বোকাখাত বিধানসভা সমষ্টিৰ গাদী দখল কৰা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ আজিলৈকে দৃষ্টিত নপৰিল মৰণফাণ্ড সদৃশ এই বাঁহৰ দলঙখন। গাওঁবাসীৰ অভিযোগ অনুসৰি বিগত দুটাকৈ বিধানসভাৰ নিৰ্বাচনৰ সময়ত জৰাজীৰ্ণ দলঙখন পকী দলঙলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক গৰাকীয়ে। লগতে উক্ত কেঁচা পথচোৱা পকীকৰণৰো আশ্বাস দিছিল বিধায়কগৰাকীয়ে।

কিন্তু কাৰ্যতঃ নিৰ্বাচনৰ পাছত আজি পৰ্যন্ত অঞ্চলটোৰ ভোটাৰৰ ৰাইজৰ কাষত খবৰ এটা ল'বলৈও আহৰি নোলাল জেষ্ঠ কেবিনেট মন্ত্ৰী গৰাকীৰ। সততে গ্ৰামাঞ্চলৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা বুলি সভাই সমিতিয়ে কথাৰ ফুলজাৰি মৰা মন্ত্ৰীগৰাকীৰ প্ৰতি ভুক্তভোগী গাঁওবাসীৰ এই প্ৰশ্নই স্বাভাৱিকতেই উদঙাই দিছে বোকাখাত বিধানসভা সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in