বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে বোকাজানতো বোকাজান মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত।

author-image
Asomiya Pratidin
New Update
বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, বোকাজানঃ সমগ্ৰ দেশৰ লগতে বোকাজানতো বোকাজান মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত।

Advertisment

বোকাজানৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ লগতে আৰক্ষী জোৱান সকলে পেৰেডৰ অনুশীলন চলাই থকাৰ উপৰিও প্ৰশাসনে চলাইছে পুন্যদমে প্ৰস্তুতি।

বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া ৭৭সংখ্যক স্বাধীনতা দিৱসত বোকাজানৰ ১০খনৰো অধিক বিদ্যালয় মহাবিদ্যালয় লগতে আৰক্ষী জোৱান,অৰ্ধ সামৰিক বাহিনী আৰু দ্বিতীয় অসম সংৰক্ষিত আৰক্ষী বাহিনীয়েও পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে।

খেলপথাৰত অনুশীলন পয্যবেশন কৰিবলৈ বোকাজান মহকুমা দণ্ডাধীক্ষ সকলৰ লগতে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস উপস্থিত থকা পৰিলক্ষিত হৈছে ।

Also Read: পুনৰ সলনি হ'ব নেকি মহাৰাষ্ট্ৰৰ ৰাজনীতি! শাৰদ-অজিত পাৱাৰৰ গোপন বৈঠক