Published on:
Updated on:
- কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান।
- সীমান্তৰ লাহৰিজানৰ ব্লক-৩ৰ দুদু কলনিত চলিব এই অভিযান।
- কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে চলাব এই উচ্ছেদ অভিযান।
- জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত চলিব এই অভিযান।
- উচ্ছেদৰ বাবে লাহৰিজানত সাজু হৈ পৰিছে আৰক্ষী,চি আৰ পি এফৰ বৃহৎ দল।
- জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত হৈছেহি লাহৰিজানত।
- উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ১৮১ টা পৰিয়ালে বসতি স্থাপন কৰি আছে।
- এলেকাটোত অবৈধভাৱে বাস কৰি থকা ১০০ ঘৰ লোকৰ বিৰুদ্ধে চলিব এই অভিযান।
- অৱশ্যে ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা সামগ্ৰী লৈ এই স্থান ত্যাগ কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in