কুৰি বছৰীয়া এক প্ৰত্যাশা, সঁচাকৈ ডিচেম্বৰত সম্পূৰ্ণ হ’বনে ৫হাজাৰ কোটি টকীয়া বগীবিল দলং

কুৰি বছৰীয়া এক প্ৰত্যাশা, সঁচাকৈ ডিচেম্বৰত সম্পূৰ্ণ হ’বনে ৫হাজাৰ কোটি টকীয়া বগীবিল দলং

author-image
asomiyapratidin
New Update
কুৰি বছৰীয়া এক প্ৰত্যাশা, সঁচাকৈ ডিচেম্বৰত সম্পূৰ্ণ হ’বনে ৫হাজাৰ কোটি টকীয়া বগীবিল দলং

অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ পাছত চলিত বৰ্ষৰ ২৫ ডিচেম্বৰ হ'ব তেওঁৰ প্ৰথমটো জন্মদিন। মৃত্যুৰ পাছৰ বাজপেয়ীৰ প্ৰথমটো জন্মদিনতেই সকলোৱে ভাবি আছে উদ্বোধন হ'ব ৫হাজাৰ কোটি টকীয়া বগীবিল দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনৰ নিৰ্মাণৰ কাম প্ৰকৃততে কিমান আগবাঢ়িছে? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

অহা ২৫ ডিচেম্বৰত উদ্বোধন হ'ব নেকি বগীবিল দলং? ২০ বছৰৰ প্ৰত্যাশা অন্ত পৰিব কেতিয়া? কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল বগীবিলৰ দলংস্থলী। ৰে'ল বিভাগৰ সূত্ৰ অনুসৰি তৎপৰতাৰে চলি আছে নিৰ্মাণ কাৰ্য। ৰেল কৰ্তৃপক্ষ আৰু হিন্দুস্থান কৰ্পৰেশ্যনৰ কৰ্তৃপক্ষই আধালৈকে গাড়ী আৰু ৰে'ল চলাই ৰাইজক বুজাব বিচাৰিছে, অচিৰেই হ'ব বগীবিল দলঙৰ উদ্বোধন। এই দলঙৰ নিৰ্মাণৰ সৈতে ৰেল কৰ্তৃপক্ষ, হিন্দুস্থান কনষ্ট্ৰাকশ্যন, গেমন ইণ্ডিয়াৰ লগতে বহু কেইটা কোম্পানীও এই দলং নিৰ্মাণৰ সৈতে বিভিন্ন কামত জড়িত হৈ আছে।

ৰেল কৰ্তৃপক্ষই পূৰ্বেও কেবাবাৰো এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি সময়সীমা বান্ধি দিছিল যদিও, তেনে সময়সীমাৰ ভিতৰত দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। আনকি আজিও দলঙত কৰিবলগা বহু কামেই বাকী আছে। তেনেস্থলত এই দলংখন যে চলিত বৰ্ষত উদ্বোধন সম্ভৱ হ'ব সেয়া এতিয়াই কৈ দিয়া কঠিন।

বগীবিল দলংস্থলী পৰিদৰ্শন কৰি জানিব পৰা মতে, দলংখনত আছে ৪২টা খুটা। ইয়াৰে ১০টা খুটালৈকে হে স্পাম জইনিঙৰ কাম সম্পূৰ্ণ হৈছে। এই কামৰ সৈতে জড়িত এগৰাকী অভিযন্তাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জানিবলৈ দিয়া মতে, এটা স্পান জইনিঙৰ কামত অতি কমেও ৫ দিনৰ প্ৰয়োজন হয়। সেই হিচাপত কেৱল স্পান জইনিঙৰ বাবেই প্ৰয়োজন হ'ব দুমাহৰো অধিক সময়।

ইফালে, দলংখনৰ ক্ৰছ বেৰিয়াৰ কামো সম্পূৰ্ণ হোৱা নাই। ৰে'লৱে ট্ৰেকৰ ১০ শতাংশ কাম এতিয়াও বাকী আছে দলংখনৰ। মূল দলঙৰ ওপৰত কাৰ্পেটিঙৰ আধা কামহে সম্পূৰ্ণ হৈছে। বিদ্যুৎ আৰু লাইটৰ খুটাৰ কাম দলংখনত ২৫টা খুটালৈকে হৈছে যদিও, এতিয়াও বাকী আছে আৰ্থিঙৰ কাম। প্ৰায় ৩গুণ অধিক পুঁজিৰে নিৰ্মাণ কৰিবলগা এই দলংখন অক্টোবৰতে সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল যদিও, এয়া কোনো কাৰণতেই যে সম্ভৱ নহয় সেইটো দলংখনত কৰ্মৰত অভিযন্তা আৰু শ্ৰমিকৰ কথাৰ পৰা স্পষ্ট হৈছে।

উল্লেখ্য যে, বগীবিলত এই দলঙৰ নিৰ্মাণৰ প্ৰথম আধাৰশিলা ১৯৯৭চনৰ জানুৱাৰীতেই প্ৰধানমন্ত্ৰী এছ ডি দেৱেগৌড়াই স্থাপন কৰিছিল। তাৰপাছত ২০০২চনত অটল বিহাৰী বাজপেয়ীয়ে স্থাপন কৰিছিল নিৰ্মাণৰ শুভাৰম্ভৰ আধাৰশিলা। মুখ্যমন্ত্ৰীয়ে যদিও দলংখনৰ নিৰ্মাণৰ কাম চলিত বৰ্ষতে হ'ব বুলি ঘোষণা কৰিছে। কিন্তু সেয়া কেলেণ্ডাৰৰ বছৰ নে বিত্তীয় বছৰ তাক লৈও সৃষ্টি হৈছে ৰহস্য।