Advertisment

বিদ্যালয়লৈ গৈ নিখোজ হোৱা একে পৰিয়ালৰ দুই শিশু দুৰ্বৃত্তৰ নৃশংসতাৰ বলি

শুকুৰবাৰে বিদ্যালয়লৈ গৈ নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ আজি উদ্ধাৰ হোৱা ঘটনাই টংলা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ দুই ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পাছতে নিখোজ হৈছিল। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিদ্যালয়লৈ গৈ নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ আজি উদ্ধাৰ হোৱা ঘটনাই টংলা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ দুই ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পাছতে নিখোজ হৈছিল। 

Advertisment

টংলাৰ যোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ পুত্ৰ এই দুয়ো ছাত্ৰ। শুকুৰবাৰৰ দুয়ো ছাত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পাছত দুয়োকে বিচাৰি চলাথ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নাছিল।

আজি টংলাৰ সস্তপাৰাত দুয়ো ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। সন্দেহ কৰা অনুসৰি কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে। দুয়োগৰাকী ছাত্ৰৰে মৃতদেহ ডিঙি কাটি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

মৃত গৌৰৱ শৰ্মাৰ বয়স ১২ বছৰ আৰু কৌশিক শৰ্মাৰ ১৪ বছৰ বয়স। গুৰুত্বপূৰ্ণ কথাটো হল দুয়োগৰাকী ছাত্ৰৰ মৃতদেহ যি স্থানত উদ্ধাৰ হৈছে তাৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত তেওঁলোকৰ বাসগৃহ।

শিশু দুটিৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত এগৰাকী গাড়ী চালক। কিন্তু কোনে আৰু কিয় দুয়োকে এইদৰে নৃশংসভাৱে হত্যা কৰিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। আৰক্ষীৰ সঠিক তদন্ততহে এই বিষয়ে জানিব পৰা যাব।

 

ওদালগুৰি হত্যাকাণ্ড