/asomiyapratidin/media/media_files/2025/04/03/qi5cY5iIomtxiVw2qNnJ.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁৱত অসম আৰক্ষীৰ খাকী পোচাকত ক’লা ৰং সানিলে খোদ আৰক্ষীৰ এগৰাকী জোৱানে। নিশা টেঙ্কাৰৰ পৰা তেল চুৰি কৰাৰ সময়ত আৰক্ষীৰ অভিযানত তিনি তেল চোৰৰ সৈতে হাতেলোটে পৰে অসম আৰক্ষীৰ বিদেশী চিনাক্তকৰণ মাণ্ডলিক কাৰ্য্যালয় বঙাইগাঁৱত কৰ্মৰত জোৱান ৰবীন গয়াৰী।
ঘটনাক কেন্দ্ৰ কৰি কাজলগাঁৱত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা ঢালিগাঁৱত এখন নিৰ্দিষ্ট গেৰেজত বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাই অহা এ এছ ১৬ এ চি ২৮০০ পঞ্জীয়নৰ টেঙ্কাৰৰ পৰা এটা তেল চোৰ চক্ৰই পাইপেৰে তেল চুৰি কৰি থকাৰ তথ্য লাভ কৰে কাজলগাঁও থানাৰ আৰক্ষীয়ে।
উক্ত খবৰৰ আঁত ধৰি কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মনি দাসে ঢালিগাঁওস্থিত নিৰ্দিষ্ট গেৰেজত অভিযান চলায় আৰু টেঙ্কাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত ৰবীন গয়াৰী, বিক্ৰম দাস, তনময় নাথ আৰু নিকুঞ্জন নাথ নামৰ চাৰিজনক হাতেলোটে ধৰা পেলায়। আটক কৰাৰ পিছত আৰক্ষীয়ে সোধপোছ কৰাত আটকাধীন ৰবীন গয়াৰী অসম আৰক্ষীৰ বিদেশী চিনাক্তকৰণ মাণ্ডলিক কাৰ্য্যালয় বঙাইগাঁৱত কৰ্মৰত জোৱান বুলি নিশ্চিত হয়।
ঢালিগাঁৱত নিশা টেঙ্কাৰৰ পৰা তেলচুৰি কাণ্ডত অসম আৰক্ষীৰ জোৱান জড়িত এই তথ্য পোহৰলৈ অহাৰ পিছত আৰক্ষী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আটক পৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
প্ৰাথমিক তদন্তে কেচু খান্দোতে ফেটিসাপ ওলাই পৰাৰ দৰে তথ্য পোহৰলৈ আহিব ধৰে।
চিৰাং আৰক্ষী ফালৰ পৰা তদন্তৰ খাতিৰত এই সন্দৰ্ভত কোনো তথ্য আনুষ্ঠানিক ভাবে সংবাদ মাধ্যমৰ আগত সদৰি কৰাৰ পৰা বিৰত থাকে। কিন্তু এই খবৰ বিয়পি পৰাৰ পিছত চিৰাঙৰ বিপিএফ দলৰ নেতা ৰিংদাও গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কালি নিশা তেল চুৰিৰ সময়ত ধৰা পৰা অসম আৰক্ষীৰ বিদেশী চিনাক্তকৰণ মাণ্ডলিক কাৰ্য্যালয়ৰ জোৱান ৰবীন গয়াৰী এজন দুৰ্নীতিগ্ৰস্থ আৰক্ষীৰ জোৱান।
চৰকাৰী চাকৰী কৰা কৰ্মচাৰী এজনৰ যিমান সম্পত্তি থাকিব লাগে তাতকৈ বহুত বেছি সম্পত্তিৰ গৰাকী তেওঁ। চিৰাং জিলাৰ চাপাগুৰীৰ বাসিন্দা আৰক্ষীৰ জোৱান ৰবীন গয়াৰীৰ সন্তান তথা পত্নীৰ নামত আছে ১৯/২০ খন তেলৰ টেঙ্কাৰ। আছে ডাম্পাৰ, চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহন আৰু বহু স্থাৱৰ অস্থাৱৰ সম্পত্তি।
চাপাগুৰীৰ সদাব্যস্ত পথৰ দাঁতিত আছে বিশাল ভূমি আৰু সেই ভূমিত আছে বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠান। এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী হৈ ইমান সা-সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল এই সন্দৰ্ভত অসম চৰকাৰ তথা অসম আৰক্ষীয়ে এক তদন্ত কৰিব লাগে বুলি বি পি এফৰ নেতাগৰাকীয়ে দাবী উত্থাপন কৰে।
নিশা আৰক্ষীয়ে জব্দ কৰা তেলৰ টেঙ্কাৰখন ৰবীন গয়াৰীৰ পুতেকৰ নামত আছে। উক্ত তেল ভৰ্তি টেঙ্কাৰখন বঙাইগাঁও শোধনাগাৰৰ পৰা গুৱাহাটী লৈ যোৱাৰ কথা আছিল। কিন্তু আৰক্ষীৰ জোৱান ৰবীন গয়াৰীয়ে নিজৰ প্ৰভাৱ খটুৱাই নিজৰ গেৰেজৰ ভিতৰত সোমোৱাই লৈ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই লগোৱা ডিজিটেল তলা ভাঙি তেল চুৰি কৰি আছিল।
আজি কাজলগাঁও থানাৰ আৰক্ষীয়ে তেলচোৰ আৰক্ষীৰ জোৱান ৰবীন গয়াৰীসহ চাৰি তেল চোৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰু আদালতে চাৰিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।