Advertisment

বছৰৰ প্ৰথম দিনটোতে জনপ্ৰিয় বিজেপি নেত্ৰীৰ দুৰ্ঘটনাত কৰুণ মৃত্যু...

কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তবৰ্তী এলেকা শিলগাৰাত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত বিজেপিৰ বাওখুংগ্ৰী মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ডলী নন্দী ৰায়ৰ থিতাতে মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
বছৰৰ প্ৰথম দিনটোতে জনপ্ৰিয় বিজেপি নেত্ৰীৰ দুৰ্ঘটনাত কৰুণ মৃত্যু...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ নতুন বছৰৰ প্ৰথম দিনটোতে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তবৰ্তী এলেকা তথা কোকৰাঝাৰ থানাৰ অন্তৰ্গত শিলগাৰাত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বিজেপিৰ বাওখুংগ্ৰী মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ডলী নন্দী ৰায়ৰ(৪৫)থিতাতে নিহত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডলী নন্দী ৰায় নিজ গৃহৰ পৰা বজাৰলৈ যাওঁতেই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা কোকৰাঝাৰ অভিমুখে তীব্ৰবেগেৰে আহি থকা AS 17 G 5844 নম্বৰৰ বলেৰো বাহনখনে শিলগাৰা নামৰ ঠাইত ডলী নন্দী ৰায়ক মহতিয়াই নিয়ে আৰু যাৰ পৰিণতিত থিতাতে নিহত হয়।

Advertisment

উক্ত দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু বহুসংখ্যক স্থানীয় গঞাৰাইজে দুৰ্ঘটনা সংঘটিত কৰা স্থানত ভিৰ কৰে। স্থানীয় ৰাইজে বলেৰো বাহনখন আৱদ্ধ কৰি ৰখাৰ লগতে গাড়ীখনত থকা ইন্দ্ৰজিৎ সৰকাৰ (৪৫) আৰু আন এগৰাকী নাবালক শতদ্ৰু পাল ওৰফে জিতক (১৭) উত্তেজিত ৰাইজে গণপ্ৰহাৰ কৰে।

ৰাইজৰ প্ৰহাৰত ইন্দ্ৰজিৎ সৰকাৰ (৪৫) আৰু শতদ্ৰু পাল ওৰফে জিৎ পাল (১৭) গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কোনে চলাইছিল সেয়া বৰ্তমানলৈকে নিশ্চিত হ'ব পৰা নাই । কিন্তু জানিব পৰা মতে বিলাসীপাৰাৰ এটা গেৰেজৰ মালিক ইন্দ্ৰজিৎ সৰকাৰে গেৰেজ ব্যৱসায়ৰ লগতে গাড়ীচালনাৰো প্ৰশিক্ষণ দিছিল।

সেইসূত্ৰে আজি নাবালক শতদ্ৰু পাল ওৰফে জিৎ পালক গাড়ীচালনাৰ প্ৰশিক্ষণ দিছিল বুলি অনুমান কৰা হৈছে আৰু অনভিজ্ঞ গাড়ীচালনাৰ পৰিণতিতে দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি অনুমান কৰা হৈছে। এগৰাকী নাবালকক কিয় ইদ্ৰজিৎ সৰকাৰে গাড়ী চালনাৰ প্ৰশিক্ষণ দিছিল তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছে।

 ইন্দ্ৰজিৎ সৰকাৰ আৰু শতদ্ৰু পাল ওৰফে জিৎ পাল বিলাসীপাৰা চহৰৰ ৱাৰ্ড নম্বৰ ৮ ৰ নিৱাসী বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময় পিছত ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা যুৱকদ্বয়ক উদ্ধাৰ কৰে।

আৰক্ষীয়ে যুৱকদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে গুৰুতৰভাৱে আহত হোৱা যুৱকদ্বয়ক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ৰেফাৰ কৰে। সেইমৰ্মে সম্প্ৰতি যুৱকদ্বয় বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আনহাতে দুৰ্ঘটনাত মৃত্যু হোৱা বিজেপি নেত্ৰী ডলী নন্দী ৰায়ৰ ছিন্ন-ভিন্ন মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নৱবৰ্ষৰ দিনটোতে কোকৰাঝাৰত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে জনপ্ৰিয় বিজেপি নেত্ৰী ডলী নন্দী ৰায়ৰ মৃত্যুত কোকৰাঝাৰত শোকৰ ছাঁ পৰিছে।          

আনহাতে কোকৰাঝাৰ জিলা বিজেপিৰ উপ- সভাপতি দেৱৰাজ পালে বিজেপিৰ বাওখুংগ্ৰী মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ডলী নন্দী ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ডলী নন্দী ৰায় বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল আৰু খুব সক্ৰিয় আছিল বুলি মন্তব্য কৰি কোকৰাঝাৰ জিলা বিজেপিৰ উপ- সভাপতি দেৱৰাজ পালে দুৰ্ঘটনাটো তদন্ত মৰ্মে দোষীৰ বিৰুদ্ধে আইনগত শাস্তি ল'বলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।

উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে ডলী নন্দী ৰায়ে স্বামী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে । বাতৰি লিখা পৰলৈ ডলী নন্দী ৰায়ৰ স্বগৃহত কোকৰাঝাৰ জিলা বিজেপিৰ কেইবাজনো নেৰ্তৃবৰ্গ উপস্থিত হৈছে।

পথ দুৰ্ঘটনা কোকৰাঝাৰ