/asomiyapratidin/media/media_files/2025/09/01/udalguri-01-2025-09-01-19-58-20.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ পঞ্চম বিটিচি নিৰ্বাচনৰ মঙলবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন। ইয়াৰ পূৰ্বে সোমবাৰে ওদালগুৰি জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত ১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।
ইয়াৰ ভিতৰত বিপিএফৰ ৭ গৰাকী, ইউপিপিএলৰ ৭ গৰাকী, ভিপিআইৰ ৩ গৰাকী আৰু দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, এক বিশাল সমদল উলিয়াই আজি ওদালগুৰিৰ ছয়টা পৰিষদীয় সমষ্টিৰ মনোনয়ন দাখিল কৰিছো। মই দেখিছো সকলো জাতি-জনগোষ্ঠী আমাৰ লগত আছে। সকলোৰে আশীৰ্বাদ আমাৰ লগত আছে।
তেওঁ কয়, আমি নিশ্চয় জিকিম। ৰাইজে যি আশাৰে বিপিএফ দলৰ সৈতে আহিছে, আমি চৰকাৰ গঠন কৰিলে সেই আশাবোৰ পূৰণ কৰিম। বিজেপিয়ে সকলোকে লগ লগাই চৰকাৰ কৰিম বুলি কৈ থাকিলে কি হ’ব? মই কোৱা নাই নহয়। বিজেপি, কংগ্ৰেছ, ইউপিপিএল সকলোৱে ক’ব পাৰে।
বিজেপি দলে হাগ্ৰামাক সন্মান জনাই প্ৰাৰ্থী প্ৰক্ষেপ নকৰা বুলি কোৱাৰ সন্দৰ্ভত মন্তব্য কৰি মহিলাৰীয়ে কয়, মোক বিজেপিয়ে সন্মান কৰে নেকি? সন্মান কৰিলে পাঁচ বছৰ আগত মই চৰকাৰ গঠন কৰিলো হয়।
ইফালে চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰী সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামাই কয়, চন্দন আৰু খাম্ফাই নিৰ্বাচন নেখেলাটো ভাল। সমগ্ৰ বিটিচিৰ ৰাইজে তেওঁলোকক আন্দোলনকাৰী হিচাপে চিনি পায়, ৰাজনৈতিকভাৱে নহয়। সেয়েহে মই তেওঁলোকক কৈছো, আপোনালোকে নিৰ্বাচন খেলিব নালাগে। নহ'লে তেওঁলোকৰ মান-সন্মান শেষ হৈ যাব।
হাগ্ৰামা মহিলাৰীয়ে কয়, চন্দন আৰু খাম্ফা ১০/২০ হাজাৰ ভোটৰ ব্যৱধানত হাৰিব। আনকি ইউপিপিএলৰ কৰ্মীয়েই ভোট নিদিয়ে চন্দন ব্ৰহ্ম, খাম্ফা বৰগয়াৰীক। আমাৰ দলক বেয়া পাই কিছু লোক তেওঁলোকৰ লগত গৈছে সেই তিনি-চাৰিহাজাৰ ভোটহে তেওঁলোকে পাব।
তেওঁ আৰু কয়, চন্দনে তিনি-চাৰিহাজাৰ ভোট পাবনে নাই সেয়াও সন্দেহ আছে। আগন্তুক নিৰ্বাচনত বিপিএফ দলে ২০ খনতকৈ অধিক আসন লাভ কৰিব বুলিও মহিলাৰীয়ে উল্লেখ কৰে।
আজি মহিলাৰীয়ে স্বভাৱসুলভ মনোভাৱেৰে কয় যে, ইউপিপিএল দলৰ মনোনয়ন দাখিলৰ সমদলত টকাৰ বাবেহে মানুহ আহিছে। তেওঁলোকে কিন্তু বিপিএফকহে ভোট দিব। আনকি বহু ইউপিপিএল কৰ্মীয়ে হাগ্ৰামাক দেখি ফ্লায়িং কিছ দিয়া বুলিও হাগ্ৰামাই উল্লেখ কৰি সেইসকল লোকে বিপিএফক ভোট দিব বুলি মন্তব্য কৰে।
তাৰোপৰি তেওঁ ইউপিপিএল নেতাই তেওঁক অনুসৰণ কৰি মন্তব্য কৰা বুলিও কৈ সমালোচনা কৰে। সমান্তৰালভাৱে আজি ইউপিপিএল দলৰ প্ৰাৰ্থীয়েও ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।
এই উপলক্ষে আজি ওদালগুৰিত উপস্থিত হয় সাংসদ ৰণগৌৰা নাৰ্জাৰী। তেখেতে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, এইবাৰ একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি ইউপিপিএল দলে চৰকাৰ গঠন কৰিব। তেখেতে এটা ভাল দিনত মনোনয়ন দাখিল কৰা বুলি উল্লেখ কৰে।