/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9cce185c-7073-4132-822c-e2187e632226/3.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত শুকুৰবাৰে বিটিআৰ উন্নয়নৰ স্বাৰ্থত নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যনেৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7c40af52-03e6-439c-8ffc-f57bdb090377/b1e4bf4c-2d3f-4614-8a41-26c1aceff74b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3724feab-62f7-4c2b-b40e-7cfe7bb2ba76/62a8d64e-7b6b-4d39-9c65-fe1052865937.jpg)
বিটিআৰ প্ৰধান গৰাকীৰ লগতে বিটিআৰৰ উপ মুখ্য কাৰ্য্যবাহী গোবিন্দ বসুমতাৰী, তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী সহ কেইবাগৰাকীও ইএম ৰাকেশ ব্ৰহ্ম, ৰেও ৰেওৱা নাৰ্জাৰী, ৰঞ্জিত বসুমতাৰী, এনইডিএফআই ৰ কাৰ্যবাহী পৰিচালক এছ কে বৰুৱা, টেকনো ইকনমিক ডেভেলপমেণ্ট ফাণ্ডৰ জেনেৰেল মেনেজাৰ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠকখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cd9097d2-ca1d-48e1-939c-1890716f35b2/06e5a685-0372-4b54-af0c-c06405e41b71.jpg)
উল্লেখ্য যে- নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে কাঠফুলা, সৰিয়হ, ষ্ট্ৰ'বেৰি আদি বিভিন্ন ধৰণৰ শস্য, উন্নত মানদণ্ডৰ কৃষিকাৰ্য্যৰ লগতে মৌ-মাখি পালন তথা গাহৰি পালনকে আদিকৰি বৈজ্ঞানিক পদ্ধতিৰে উন্নতমানৰ প্ৰজাতি আৰু প্ৰক্ৰিয়াত লাভাম্বিত হ'ব পৰাকৈ সমগ্ৰ বিটিআৰত এটা সম্ভাৱ্যতা অধ্যয়ন চলাইছিল আৰু বিটিআৰত বিনিয়োগৰ বাবে ৯ টা সাম্ভাব্য ক্ষেত্ৰ চিনাক্তকৰণ কৰিছে। তদুপলক্ষে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেডৰ এটি সজাতি দলে উক্ত গুৰুত্বপূৰ্ণ বৈঠকখনত মিলিত হৈ এক প্ৰতিবেদন দাঙি ধৰে।