ভৈৰৱকুণ্ডৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

ভৈৰৱকুণ্ডৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
ভৈৰৱকুণ্ডৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ,ওদালগুৰি : ভৈৰৱকুণ্ডৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। অৰুণাচল প্ৰদেশৰ ভূমিত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

Advertisment

৬ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি এক সূত্ৰত প্ৰকাশ। ফলত তিনিখনকৈ হোটেল জুইত জাহ যায়।

ইয়াৰোপৰি বহু টকাৰ সা- সম্পত্তি অগ্নিত জাহ যায়। ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় এছ‌এছবিৰ জোৱানে জুই নিৰ্বাপনত সহযোগিতা আগবঢ়ায়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

ইফালে সৌভাগ্যক্ৰমে অগ্নি সম্প্ৰসাৰণ নোহোৱাত বহুকেইখন সুৰা বিপণী ৰক্ষা পৰে।

Also Read: এজন মানুহ আছে...

Bhairabkund Massive fire