কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯৬০০ টকালৈ বৃদ্ধি কৰা, অহা ১০ দিনৰ ভিতৰত ৰান্ধনী -সহায়িকাসকলৰ সমস্যা সম্পৰ্কত কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা, ১০ দিনৰ ভিতৰত মাহিলী বকেয়া ধন মুকলি কৰা আদি দাবীত দেওবাৰে কোকৰাঝাৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

সন্থাৰ উদ্যোগত কোকৰাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা তিতাগুৰীলৈ এক প্ৰতিবাদী সমদল বাহিৰ হয়। নিজৰ প্ৰাপ্য বিচাৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাৰ উপদেষ্টা তৃষা নাথে কয় যে নিজৰ প্ৰাপ্য বিচাৰি তেওঁলোকে ইতিমধ্যে মুণ্ডন কাৰ্যসূচী সম্পন্ন কৰিছে ।

এইবাৰ যদি উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে সেয়াও ভয় নকৰে আৰু তাৰ বাবে সাজু বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে টেকেলী আঁচনি উলিয়াব পাৰে , চাইকেল আঁচনি দিব পাৰে , ঘৰত বহি থকা মহিলাসকলক অৰুণোদয় আঁচনি দিব পাৰে কিন্ত ৰান্ধনী -কৰ্মীৰ সামান্য মাহিলী পাৰিশ্ৰমিক নিয়মীয়া কৰিব নোৱাৰে বুলি তীব্ৰ উষ্মা প্ৰকাশ কৰি মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক মুখ্যমন্ত্ৰীৰ একাপ চাহৰো দাম নহয় বুলি উল্লেখ কৰি অতি শীঘ্ৰে ৰান্ধনী-সহায়িকাৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ।

২০২২ চনৰ ২৫ মাৰ্চত শিক্ষামন্ত্ৰীৰ সতে হোৱা আলোচনা এটাও ৰূপায়ন নহল বুলি উল্লেখ কৰি অতি শীঘ্ৰে ৰান্ধনী-সহায়িকাৰ সমস্যা সমাধান নকৰিলে অহা ১০ নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে। তদুপৰি কোকৰাঝাৰত থকা ৪০০০ ৰন্ধন কৰ্মীৰ বাবে প্ৰমোদ বড়োই এষাৰো মাত নমতাত ধিক্কাৰ প্ৰদান কৰি বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰমোদ বড়োক আহ্বান জনাইছে । আজিৰ কাৰ্যসূচীত সন্থাৰ সভানেত্ৰী সবিতা বড়ো , সুনীল ৰংপিৰ লগতে কেবাশতাধিক মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা উপস্থিত থাকে ।

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ
গহপুৰত উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in