/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0eba9abe-87b0-4fe0-82e6-409b41a5523d/tttt.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক জ্যোতিৰ্ময় বৰুৱাক বৃহস্পতিবাৰে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক বিভাগৰ সঞ্চালকালয়ৰ এটি দলে উৎকোচ লৈ থকাৰ সময়ত হাতে লোতে আটক কৰে।
ৰঙিয়াৰ কোনো এক ঠাইত অংগণবাড়ী কৰ্মীৰ চাকৰি দিয়াৰ নামত ধন দাবী কৰিছিল বিষয়া গৰাকীয়ে। বৃহস্পতিবাৰে এই দাবী কৰা ধন লোৱাৰ সময়তে জ্যোতিৰ্ময়ক দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতে লোটে আটক কৰে।
উল্লেখ্য যে, নাগ্ৰীজুলি শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনত ৪ টা অংগণবাড়ী কৰ্মী আৰু ৩টা সহায়িকা পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ খালী পদত নিযুক্তি দিয়াৰ বাবে উৎকোচ লোৱাৰ বাবে ধন বিচাৰিছিল জ্যোতিৰ্ময় বৰুৱাই।
Also Read: কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us