/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/81c6d22f-a478-41ba-bf59-b2481af4dff3/3.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: সমগ্ৰ শিক্ষা, কোকৰাঝাৰৰ উদ্যোগত শুকুৰবাৰৰ পৰা ডিমলগাঁও মধ্য ইংৰাজী বিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শিক্ষকৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যাধিকতা প্ৰশিক্ষণ। কোকৰাঝাৰ শিক্ষাখণ্ডৰ অধীনৰ কেবাটাও সমল কেন্দ্ৰৰ ১৩৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে ডিমলগাঁও মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যাধিকতা প্ৰশিক্ষণ কৰ্মশালাত ভাগ লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/130daf5f-8504-4e3e-bb83-322855bcfc34/26351949_e882_4305_b281_69407849fefb.jpg)
প্ৰশিক্ষণ তথা কৰ্মশালাৰ প্ৰথম দিনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যাধিকতা ওপৰত আৰম্ভ হোৱা প্ৰশিক্ষণ তথা কৰ্মশালাত শিক্ষকে লাভ কৰা অভিজ্ঞতাখিনি বিদ্যালয়ত প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c8fdc4cf-35a7-45bd-9bf6-96e8eab92e1a/cfe6634c_5adc_4b04_92d4_7efaac57fb35.jpg)
কৰ্মদক্ষতাৰ ওপৰত হে সফলতা নিৰ্ভৰ কৰে আৰু প্ৰশিক্ষাৰ্থী শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰশিক্ষণ মনপুতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীয়ে কৰ্মশালাখনি সুকলমে পাৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে। তদুপৰি ৫দিনীয়া কৰ্মশালাত কোনেও যাতে অনুপস্থিত নাথাকে তাৰ প্ৰতি চোকা নজৰ দিবলৈ সমল প্ৰশিক্ষকসকলক তেওঁ নিৰ্দেশ প্ৰদান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6e2eef43-c9be-40a7-acfa-3c881f4bd60b/013269a0_5856_4473_971e_6cd49c1d9cc3.jpg)
ইপিনে শুকুৰবাৰৰ পৰা অহা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৫দিনীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যাধিকতা প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে শিপ্ৰা মজুমদাৰ, বৰ্ণালী বৰ্মন, সঞ্জীৱ ৰায়, নৱকান্ত ৰায়, হেমেন মেধী, সহিদুৰ ৰহমান আৰু ৰাহুল আমিন সৰকাৰে যোগদান কৰে।
তদুপৰি ব্লক এমআইএচ ফিৰদুছ হুছেইনো উপস্থিত থাকে। প্ৰথম দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যাধিকতাৰ ধাৰণা, সন্তুলিত পঠন, এনচিএফ ২০২২ৰ আধাৰত সাক্ষৰতাৰ শিক্ষণ, কথোপকথন, চিত্ৰকাহিনী , বিগবুক আদিৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় ।
Also Read: বাংলাদেশত ঘূৰ্ণীবতাহ 'মিধিলি'ৰ তাণ্ডৱ : নিহত ৪ জন