/asomiyapratidin/media/media_files/2025/01/27/C0ebOCLLwGq8UM0LFAxQ.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে স্বাক্ষৰিত হৈছিল ঐতিহাসিক বিটিআৰ শান্তি চুক্তি। বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিতে শান্তিৰবাণীৰে মটৰ চাইকেল ৰেলী বাহিৰ কৰা হয়।
সেই মৰ্মে কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডৰ পৰা আজি বিটিচি চৰকাৰৰ উদ্যোগত শান্তিৰ বাণীৰে মটৰ চাইকেল ৰেলী বাহিৰ হয়। কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডৰ পৰা বাহিৰ হোৱা মটৰ চাইকেল ৰেলীৰ নেতৃত্ব দিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷
আনহাতে মটৰ চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে কোকৰাঝাৰ জিলা আয়ুক্ত মাছাণ্ডা এম পাৰ্টিনে ৷ বিটিচি চৰকাৰৰ উদ্যোগত উলিওৱা মটৰ চাইকেল ৰেলীত বিধায়ক লৰেন্স ইছলাৰী , শব্দৰাম ৰাভাসহ ইউপিপিএল দলৰ কেইবাগৰাকী নেতা-কৰ্মীকে ধৰি প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷
শান্তিৰ বাণীৰে উলিওৱা মটৰ চাইকেল ৰেলীয়ে সমগ্ৰ কোকৰাঝাৰ চহৰ পৰিভ্ৰমণ কৰাৰ অন্তত পুনৰ গ্ৰীণ ফীল্ডত সমবেত হয় আৰু তাতেই ৰেলীৰ অন্ত পৰে ৷ ইপিনে মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয় যে- বড়োলেণ্ডত বৰ্তমান যি শান্তি অব্যাহত আছে সেয়া চিৰস্থায়ীভাৱে ধৰি ৰাখিব লাগিব ।
বিটিআৰ চুক্তিৰ পিছত বড়োলেণ্ড অঞ্চলত কোনো ধৰণৰ হত্যা, হিংসা, গোষ্ঠীদ্বন্দ নাই তথা কোনো মাতৃয়েও চকুপানী টুকিব লগা হোৱা নাই বুলি মন্তব্য কৰে । অঞ্চলটোলৈ শান্তি- নিৰাপত্তা -উন্নয়ন ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰমোদ বড়োৱে।
আনহাতে শান্তি চুক্তি দিৱসৰ সতে সংগতি ৰাখি আজি সন্ধিয়া কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বডোলেণ্ড এছিৰ্ভাৰ বঁটা প্ৰদান কৰা হয় ৷ আনপিনে বিটিআৰ শান্তি চুক্তি দিৱসৰ সতে সংগতি ৰাখি কাইলৈ অৰ্থাৎ ২৮ জানুৱাৰীত কোকৰাঝাৰ চহৰৰ গ্ৰীণফীল্ডত এক বিশাল গণ সমাৱেশৰ আয়োজন কৰা হৈছে ৷
উক্ত বিশাল গণ সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে গণ সমাৱেশত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হৰিণাগুৰীত নৱ নিৰ্মিত বিটিচিৰ কাৰ্য্যবাহী সদস্য, পাৰিষদ সকলৰ আৱাস উদ্বোধন কৰিব। তাৰোপৰি হৰিণাগুৰীতে কোকৰাঝাৰ বিশ্ববিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব ৷