/asomiyapratidin/media/media_files/2025/01/28/PmgcqSB4NgoFSBQWrO33.jpg)
ডিজিটেল ডেস্কঃ বড়োসকলৰ বাথৌ পূজাৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিনজোৰা ব্যাপক কাৰ্যসূচীৰে বিটিআৰ ভ্রমণ কৰে। ভ্রমণকালত বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী বিশেষ উদযাপনত অংশগ্রহণ কৰি মুখ্যমন্ত্রীয়ে বডোফা উপেন্দ্র নাথ ব্রহ্মৰ আবক্ষ মূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ ৫ম বার্ষিকী উদযাপনত বিটিআাৰৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত উৎসাহ দেখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনন্দ প্রকাশ কৰি কয়- ''২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে বি টি আৰত শান্তি আৰু উন্নয়নৰ এক অভূতপূর্ব যুগৰ সূচনা কৰিছে। বড়ো শান্তি চুক্তিৰ ৫ বছৰে উন্নয়ন আৰু বিকাশক প্রাধান্য দি ভবিষ্যৎ নির্মাণৰ ক্ষেত্রত জনসাধাৰণ, চৰকাৰ আৰু সকলো অংশীদাৰৰ সামূহিক ইচ্ছাক প্রতিনিধিত্ব কৰিছে। আগন্তুক দিনতো শান্তি-সমৃদ্ধিৰ আবেষ্টনীত বি টি আৰবাসীৰ বাাবে নতুন ইতিবাচক কাম কৰি যাবলৈ ট্রিপল ইজিনৰ চৰকাৰ দায়বদ্ধ।''
তেওঁ পুনৰ কয় যে, বড়ো শান্তি চুক্তি ২০২০ কেবল এক চুক্তি নহয়, বিটিআৰত বাস কৰা সকলো সম্প্রদায়ৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ এক চুক্তি। হিংসাৰ পথৰ পৰা সমাজৰ মূল ধাৰালৈ উভতি অহা আমাৰ ভগ্নী-ভাতৃসকলে বিটিআৰৰ লগতে অসমৰ বিকাশত অৰিহণা যোগোৱাটো আনন্দৰ কথা।
মুখ্যমন্ত্রী ড° শমাই উল্লেখ কৰে যে, এসময়ত বিটিআৰৰ নিজাকৈ এখনো বিশ্ববিদ্যালয় বা চিকিৎসা মহাবিদ্যালয় নথকা অৱস্থাৰ পৰা চুক্তি স্বাক্ষৰৰ পাছত এই অঞ্চলে এতিয়া দুখনকৈ বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় লাভ কৰিলে।
তেওঁ লগতে ৰাইজক উদ্দেশ্যি কয় যে, নির্ধাৰিত ৬,০০০ কিলোমিটাৰ পথৰ ভিতৰত ২,০০০ কিলোমিটাৰ পথ ইতিমধ্যে নির্মাণ কৰা হৈছে আৰু বাকীসমূহৰ কাম পর্যায়ক্রমে গ্রহণ কৰা হ'ব। এই বছৰ পথ উন্নয়নৰ বাবে বিটিচিক ৪০০ কোটি টকা আবন্টন কৰা হৈছে।
With the blessings of Bathou Devta and taking inspiration from Bodofa Upendranath Brahma, we reiterate our commitment to fully transform BTR under the leadership of Hon'ble Prime Minister Shri @narendramodi ji and guidance of Hon'ble Home Minister Shri @AmitShah ji. pic.twitter.com/WeRnWtpgs7
— Himanta Biswa Sarma (@himantabiswa) January 28, 2025
তেওঁ লগতে পাগলাদিয়া নৈৰ ওপৰত দলং, চিৰাং হৈ গুৱাহাটী আৰু গেলেফুৰ মাজত ৰেল সংযোগ, গুৱাহাটী আৰু চিৰাঙৰ মাজত ভ্রমণৰ সময় ২ ঘণ্টালৈ হ্রাস আৰু কোকৰাঝাৰত ১৭ ফেব্রুৱাৰীত আগন্তুক অসম বিধানসভা অধিবেশন আয়োজনৰ সিদ্ধান্তকে ধৰি চৰকাৰৰ কেইবাটাও সাফল্য আৰু পৰিকল্পনাৰ সম্পর্কেও অৱগত কৰে।
ৰাইজক সম্বোধন কালত বডোফা উপেন্দ্রনাথ ব্রহ্মৰ অতুল্য অৱদানৰ কথা স্মৰণ কৰি ড° শর্মাই উল্লেখ কৰে যে কেনেকৈ অঞ্চলটো বন্দুক আক বিস্ফোৰণৰ সংস্কৃতিৰ পৰা ক্রীড়া আৰু সাহিত্য, সংস্কৃতিলৈ নতুন গতিৰে আগবাঢ়িছে। তেওঁ শেহতীয় সাহিত্য মহোৎসৱ আৰু ডুৰাণ্ড কাপৰ দৰে বিভিন্ন ক্রীড়া প্রতিযোগিতাৰক এক উজ্জ্বল বড়োলেণ্ডৰ ইতিবাচক বার্তা আগবঢ়োৱা পদক্ষেপৰ বাবে বিটিআৰ নেতৃবৃন্দক প্রশংসা কৰে।
बड'फा उपेन्द्र नाथ ब्रह्मनिसिम सिबिनाय खुलुमनाय बाउबाय
— Himanta Biswa Sarma (@himantabiswa) January 28, 2025
Paid tributes to Bodofa Upendranath Brahma today in Kokrajhar. His teachings and principles form the foundation of our policies. #5yearsofBodoAccord pic.twitter.com/1tvrsd91YZ
মুখ্যমন্ত্রীয়ে এই উপলক্ষত আয়োজিত অনুষ্ঠানত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালসমূহক আৰু ভুক্তভোগী পৰিয়ালৰ সদস্যক চেক বিতৰণ, বিটিআৰৰ বিশিষ্ট শিল্পীসকলক সাংস্কৃতিক বঁটা প্রদান কৰে। তদুপৰি বিটিআৰ চৰকাৰৰ ৪ বছৰীয়া সাফল্যৰ প্রতিবেদনো উন্মোচন কৰে।
দিনটোৰ প্রথমার্ধত বড়োসকলৰ আদৰৰ উৎসৱ বাথৌ পূজা উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমূহিক প্রার্থনাত অংশগ্রহণ কৰি বি টি আৰবাসীৰ শান্তি, উন্নতি আক মংগলৰ বাবে প্রার্থনা আগবঢ়াই সমূহ বিটিআৰবাসীলৈ পবিত্র উৎসৱটিৰ শুভেচ্ছা জ্ঞাপন কৰে। দিনটোৰ অন্যতম বিশেষ কার্যসূচী হিচাপে কোকৰাঝাৰত ১০০ কোটি টকা আন্তঃগাঁথনি উন্নয়ন অনুদানেৰে নির্মিত চি ই এম আৰু এম চি এল এৰ চৰকাৰী আবাস উদ্বোধন কৰাৰ লগতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে।
गोथार बाथौ सानाव दिनै कक्राझाराव आफा बोराइ बाथौनि सेराव सुंग्रिहरनानै जोबोरैनो गोजोननाय मोन्दों।
— Himanta Biswa Sarma (@himantabiswa) January 28, 2025
Today, on the auspicious occasion of Bathou Puja, I offered my prayers to Bathou Devta and bowed down to the five sacred elements.
Bathou Puja celebrates the deep connection… pic.twitter.com/D3iRDDhBbc
কোকৰাঝাৰ বিশ্ববিশ্ববিদ্যালয়ক এ আই, মেচিন লার্নিং, ৰবটিক্স আদিৰ দৰে অত্যাধুনিক পাঠ্যক্রমৰ সৈতে উৎকৃষ্টতাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ প্রয়াসৰ কথা তেখেতে ব্যক্ত কৰে। ইয়াৰ বিকাশৰ দিশত ৫০ কোটি টকা ঘোষণা কৰা হৈছে।
মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো মিলিত হয় আৰু তেওঁ গুবাহাটীলৈ ওভতনি যাত্রা আৰম্ভ কৰাৰ সময়ত ১৭ ফেব্রুৱাৰীত কোকৰাঝাৰত ৬৪ অনুসূচী ক্ষেত্র সম্পর্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ বিধান সভাৰ বিশেষ বৈঠকৰ জৰিয়তে জনসাধাৰণক পুনৰ লগ কৰাৰ প্রতিশ্রুতি প্রদান কৰে।