/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a41ab314-226d-4bb2-ad95-c13e7c1dc884/dfff.jpg)
ডিজিটেল সংবাদ, চিৰাং : সোমবাৰে চিৰাং কাজলগাঁৱৰ সমীপৰ ২৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত দুটা কিন্নৰৰ দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ।কাজলগাঁও থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দহ জনীয়া এটা কিন্নৰৰ দলে খেদি খেদি দুই অন্য কিন্নৰক আটক কৰি শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ উপৰি কাপোৰ ফালি অৰ্দ্ধনগ্ন কৰি দিয়ে ।
খবৰ লাভ কৰি ঘটনাস্থলীত সাংবাদিকৰ দল উপস্থিত হোৱাত আক্ৰমনকাৰী কিন্নৰৰ দলটোয়ে অশ্লীল ভাৱে নিজৰ গোপন অংগ প্ৰদৰ্শন কৰি এক অনাকাংক্ষিত পৰিবেশৰ সৃষ্টি কৰে । ইয়াৰ মাজতে সুযোগ বুজি মাৰপিটৰ ফলত আহত হোৱা ভুৱা কিন্নৰ দুজন আক্ৰমণকাৰী কিন্নৰ দলৰ কবলৰ নিজকে মুক্ত কৰি পলায়ন কৰে ।
তাৰ পিছত আক্ৰমনকাৰী দহ জনীয়া কিন্নৰৰ দলটোয়ে সংবাদ মাধ্যমৰ আগত নিজকে প্ৰকৃত কিন্নৰ বুলি দাবী কৰে কিন্তু তাৰ বিপৰীতে প্ৰহাৰ কৰা কিন্নৰ দুজন ভুৱা কিন্নৰ বুলি আখ্যা দিয়ে । কাজলগাঁৱৰ ছাতিপুৰ এলেকাৰ এই ভুৱা কিন্নৰ দুজনে বহু দিনৰ পৰা প্ৰকৃত কিন্নৰ সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে । যাৰ কাৰণে আজি তেওঁলোকক হাতেলোটে ধৰি উত্তম মাধ্যম দিয়ে । মাৰপিটৰ খবৰ লাভ কৰি চিদলী থানাৰ আৰক্ষীৰ উপস্থিত হয় যদিও আৰক্ষী অহাৰ আগতেই কিন্নৰৰ দলটো উক্ত স্থানৰ পৰা গুচি যায় ।
Also Read: মৰিগাঁৱত ৬৯৪৩ গৰাকী হিতাধিকাৰীলৈ ঋণমুক্ত হোৱাৰ প্ৰমাণপত্ৰ