কেন্দ্ৰীয় মদাহি কছাৰী বৰমানী পূজা আৰু সাংস্কৃতিক মহোৎসৱৰ লাইখুটা স্থাপন

কেন্দ্ৰীয় মদাহি কছাৰী বৰমানী পূজা আৰু সাংস্কৃতিক মহোৎসৱৰ লাইখুটা স্থাপন

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মদাহি কছাৰী বৰমানী পূজা আৰু সাংস্কৃতিক মহোৎসৱৰ লাইখুটা স্থাপন

ডিজিটেল সংবাদ, বাক্সা: মদাহি সকলৰ ধৰ্মীয় উপাসনাৰ অন্যতম উৎসৱ হৈছে বৰমানী পূজা। এইবেলি সদৌ মদাহি কছাৰী বৰমানী পূজা সমিতিৰ উদ্যোগত আৰু সদৌ অসম মদাহি উন্নয়ন পৰিষদ তথা মদাহি কছাৰী সন্মিলনীকে ধৰি কেবাটাও মদাহি কছাৰী গোটৰ সহযোগত উদযাপন হ'ব কেন্দ্ৰীয় মদাহি কছাৰী বৰমানী পূজা আৰু সাংস্কৃতিক মহোৎসৱ।

Advertisment

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমন্ত্ৰণ কৰিছে উদযাপন সমিতিয়ে । সোমবাৰে লাইখুটা স্থাপনৰ পিছতে আদৰণী সমিতিৰ সভাপতি সুজন দাসে অনুষ্ঠান সম্পৰ্কত সবিশেষ জনায়।

Also Read: গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা মহিলাক

মদাহি কছাৰী বৰমানী পূজা