ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক বীৰেশ্বৰ ৰায়ৰ মৃত্যু

ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক বীৰেশ্বৰ ৰায়ৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ জিলাৰ ডিয়াঝিজৰী নিৱাসী তথা ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক বীৰেশ্বৰ ৰায়ৰ((৭০) দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে । যোৱা ১১ ছেপ্টেম্বৰত উচ্চৰক্তচাপজনিত ৰোগৰ বাবে বীৰেশ্বৰ ৰায়ক পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি দিনৰ ১১:৩০ মান বজাত ইহলোকপ্ৰাপ্তি ঘটে ।

মৃতকৰ নশ্বৰদেহ আজি সন্ধিয়া কোচবিহাৰৰ পৰা নিজ বাসগৃহলৈ অনাৰ পিছতে অজস্ৰ গুণমুগ্ধই মৃতকৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ইপিনে প্ৰাক্তন প্ৰধান শিক্ষক বীৰেশ্বৰ ৰায়ৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । এক শোকবাৰ্তাত বিধায়কগৰাকীয়ে শিক্ষাবিদ বীৰেশ্বৰ ৰায়ৰ মৃত্যু শৈক্ষিক সমাজৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । প্ৰয়াত বীৰেশ্বৰ ৰায়ে ইহজগতত পত্নী , এগৰাকী পুত্ৰ আৰু কন্যা সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায় ।

ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক বীৰেশ্বৰ ৰায়ৰ মৃত্যু
মহম্মদ ছিৰাজে নল'লে আৰ্থিক পুৰস্কাৰ: এখনো মেচ নেখেলা এটা দলে লাভ কৰিলে ৪২ লাখ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in