/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8b604c86-e146-4723-a2bc-27f275103a67/tt.jpg)
ডিজিটেল সংবাদ, চিৰাং: নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ উপৰি অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ দাবীত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত ৫ চেপ্তেম্বৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীৰ পৰা মাহজোৰা ভাৰত যাত্ৰা আৰম্ভ কৰা শিক্ষকৰ প্ৰতিনিধি দলটো শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত আহি উপস্থিত হয়। কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা ভাৰত যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলটোক আঁদৰণি জনোৱা হয় তাৰ পিছতেই দলটোয়ে কাজলগাঁৱত এখন পথসভা সম্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5222865f-7b72-432a-b0b8-f8b1391495d5/3a912509_32ed_4b00_b5a2_86f6b5cd722a.jpg)
শতাধিক শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সৰ্বভাৰতীয় সমিতিৰ সাধাৰণ সম্পাদক কমলাকান্ত ত্ৰিপাঠী আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে ভাষনত চৰকাৰে অতিশীঘ্ৰেই নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল কৰিবলৈ দাবী জনায়। তদুপৰি শিক্ষক সকলক ঠিকাভিত্তিক নিযুক্তি দিয়া বন্ধ কৰি স্থায়ী শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাই উল্লেখ কৰে যে, শিক্ষকতাৰ দৰে এক সেৱা মূলক বৃত্তিত ঠিকা শব্দটো কেতিয়াও গ্ৰহণযোগ্য হব।
ইয়াৰ পিছত ভাৰত যাত্ৰা কৰা শিক্ষকৰ দলটোক কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়া সকলে সমদল কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কোকৰাঝাৰৰ দিশে আগুৱাই লৈ যায় ।
শনিবাৰে কাজলগাঁৱৰ অনুষ্ঠানত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ সভাপতি কেশৱ বাহাদুৰ ছেত্ৰী, সাধাৰণ সম্পাদক প্ৰাণ সুত্ৰধৰকে আদি কৰি বহু জেষ্ঠ্য কণিষ্ঠ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us