প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক, লেখক অনিল ৰায় চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ

প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক, লেখক অনিল ৰায় চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ

author-image
asomiyapratidin
New Update
প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক, লেখক অনিল ৰায় চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ প্ৰগতিশীল বুদ্ধিজীৱী, প্ৰবীন কমিউনিষ্ট নেতা তথা স্বাধীনতা সংগ্ৰামী অনিল ৰায় চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই। এক বিবৃতিযোগে সভাই শোক ব্যক্ত কৰি অসমে এজন সু-সন্তান, সমাজৰ শোষিত জনগনৰ কণ্ঠ হেৰুৱালে বুলি মন্তব্য কৰে।

সভাপতি তৰেন বড়োৱে স্বাক্ষৰ কৰা বিবৃতিত লগতে অসমে এগৰাকী চিন্তাবিদ, লেখক, সাহিত্যিকক হেৰুৱালে আৰু তেওঁৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলিও উল্লেখ কৰিছে। বড়ো সাহিত্য সভাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে।