/asomiyapratidin/media/media_files/2026/01/09/dffdfd-2026-01-09-22-32-35.jpg)
ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বিজনীৰ অন্তৰ্গত বৰলাউগাৱৰ অধীনৰ থেংফাখ্ৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ তম অধিৱেশনৰ প্ৰতিনিধি সভাখন আৰম্ভ। প্ৰতিনিধিখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে ।
বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে সঞ্চালনা কৰা প্ৰতিনিধি সভাখন আতধৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে । প্ৰতিনিধি সভাত নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ বড়ো মহিলা কল্যাণ পৰিষদ, সদৌ বড়ো কৃষক সন্থা, দুলাৰাই বড়ো হাৰিমু আফাদ, বাথৌ মহাসভা, সদৌ বড়ো প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ লগতে Allied organizations ৰ বিষয়ববীয়াৰ লগতে নেপাল ৰাষ্ট্ৰ, দিল্লী, মুম্বাই, পশ্চিম বংগ, মেঘালয়, বিটিচিৰ পাঁচখন জিলাকে ধৰি অসমৰ বিভিন্ন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিনিধি সকল অংশগ্ৰহণ কৰে ।
কাইলৈ গধুলি ৭.৩০ বজাত বিষয়ববীয়া নিৰ্বাচন । আজি প্ৰতিনিধি সকলৰ মাজত বুবা চলিছে যে আগন্তুক তিনিবছৰৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ক্ৰমে গোপীনাথ বৰগয়াৰী, কমলাকান্ত মোছাহাৰী, চিতাৰাম বসুমতাৰী আৰু ড০ দীননাথ বসুমতাৰী লগতে বিশিষ্ট সাহিত্যিক ড০ অনিল বড়োৰ নাম উচ্চাৰণ উঠিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us