পৰম্পৰাগত নাঁওখেল পুনৰ উজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰে সৰভোগত নাঁওখেল প্ৰতিযোগিতা

পৰম্পৰাগত নাঁওখেল পুনৰ উজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰে

author-image
Asomiya Pratidin
New Update
পৰম্পৰাগত নাঁওখেল পুনৰ উজ্জীৱিত কৰাৰ  প্ৰচেষ্টাৰে সৰভোগত নাঁওখেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগৰ বেকী নৈৰ বুকুত বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ সৌজন্যত উত্তৰ বালাভিঠাত অসম ভিত্তিত আয়োজন কৰা হৈছে নাঁওখেল প্ৰতিযোগিতা। অহা ১ অক্টোবৰত উত্তৰ বালাভিঠা বেকী দলঙৰ কাষত বেকী নৈৰ বুকুত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব।

Advertisment

বিলুপ্ত হোৱা পৰম্পৰাগত নাঁওখেল পুনৰ উজ্জীৱিত কৰি তোলাৰ প্ৰচেষ্টাৰে বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ উদ্যোগত এই প্ৰতিযোগিতাৰ।

বৃহত্তৰ বালাভিঠা অঞ্চলৰ লগতে বিভিন্ন গাৱৰ ৰাইজেও এই নাঁওখেল প্ৰতিযোগিতাৰ আয়োজনত যোগদান কৰিছে।

পৰিচালনা কমিটিৰ সিদ্ধান্ত মৰ্মে দুটা পৰ্য্যায়ত অনুষ্ঠিত হব এই নাঁওখেল প্ৰতিযোগিতা।

প্ৰথম পৰ্য্য়ায়ত নাঁওখনৰ দৈৰ্ঘ্য ৫২ হাতৰ ওপৰত হ'ব লাগিব আৰু দ্বিতীয় পৰ্য্য়ায়ত ৫২ হাতৰ তলত হ'ব লাগিব বুলি জনাই পৰিচালনা সমিটিয়ে।

প্ৰথম পৰ্য্য়ায়ৰ প্ৰথম পুৰস্কাৰ ৬১,০০১টকাৰ লগতে ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ ৪১,০০১টকাৰ আৰু ট্ৰফি এটা।দ্বিতীয় পৰ্য্য়ায়ৰ প্ৰথম পুৰস্কাৰ ৩১,০০১ টকাৰ লগতে ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ ২১,০০১ টকা আৰু ট্ৰফি এটা বুলি পৰিচালনা সমিটিয়ে জানিবলৈ দিয়ে।প্ৰথম পৰ্য্য়ায়ৰ ভৰ্তি মাচুল ৬৫০০ টকা আৰু দ্বিতীয় পৰ্য্য়ায়ৰ ভৰ্তি মাচুল ৩৫০০ টকা।

বৃহত্তৰ বেকীপাৰ ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ সদস্যসকলে নাওঁ খেল প্ৰতিযোগিতাত ইচ্ছুক খেলুৱৈ সকলে ফোন নম্বৰ ৮০১১৬৬০৩৪৪ /৮৭৬১৯৯২৫৮৮/ ৯৯৫৭৭৭৬৩৬৬ যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

পৰম্পৰাগত নাঁওখেল