New Update
/asomiyapratidin/media/media_files/2025/08/16/yhhhh-2025-08-16-23-50-43.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত জলসম্পদ বিভাগে চলাই থকা খহনীয়া প্ৰতিৰোধৰ বাবে অনা দুখনকৈ মাটিভৰ্তি নাও আজি ব্ৰহ্মপুত্ৰত বুৰ গৈ শ্ৰমিকৰ মাজত হাহাকাৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে, বৰলুইতৰ খহনীয়াই মথাউৰীসদৃশ আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ ফলত যোৱা দুটা সপ্তাহত কোকৰাডাঙাত জলসম্পদ বিভাগে ২৪ ঘণ্টাকৈ খহনীয়া প্ৰতিৰোধৰ কাম চলায়।
বিগত দুদিন ধৰি খহনীয়া কিছু পৰিমানে নিয়ন্ত্ৰণলৈ অহাত খহনীয়া প্ৰতিৰোধৰ কাম দিনৰ ভাগত চলাই থকা হৈছে। আজি পুৱাৰ ভাগত চৰ এলেকাৰ পৰা দুখনকৈ নাও ভৰ্তি কৰি মাটি অনা হয় কোকৰাডাঙাত। শ্ৰমিক সকলে নাওৰ পৰা জিঅ বেগত মাটি ভৰাই থকা অৱস্থাত পুৱা প্ৰায় ১০ বজাত এটা নাও হঠাত ব্ৰহ্মপুত্ৰত বুৰ যায়। একেদৰে কিছু সময়ৰ ভিতৰত কাষতে থকা আনখন নাও ব্ৰহ্মপুত্ৰত বুৰ গৈ শ্ৰমিক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। দুয়োখন নাওত থকা শ্ৰমিক সকল কোনোমতে সাতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। পৰৱৰ্তী সময়ত দিনৰ প্ৰায় ১ বজাত শ্ৰমিক সকলে নাও দুখন ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰি পুনৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে। একেলগে দুখনকৈ নাও কোকৰাডাঙাত আজি ব্ৰহ্মপুত্ৰৰ মাজত বুৰ যোৱাক লৈ কোকৰাডাঙাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।
লক্ষণীয় যে, আজি সন্ধিয়া প্ৰায় ৮ বজাৰ পৰা পুনৰ কোকৰাডাঙাত খহনীয়া আৰম্ভ হৈছে। কোকৰাডাঙাত সীমান্ত সংযোগী পথৰ উত্তৰ পাৰে ব্ৰহ্মপুত্ৰৰ পাৰত ৯ টাকৈ পৰিয়াল বসবাস কৰিছিল। ইয়াৰে ৮ টা পৰিয়ালৰ মাটি-ভেটি ইতিমধ্যে খহনীয়াত জাহ গৈছে। পৰিয়াল কেইটা কোনোমতে সীমান্ত সংযোগী পথৰ কাষত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। আনহাতে বৰ্তমানেও এটা পৰিয়াল ব্ৰহ্মপুত্ৰৰ পাৰতে আছে যদিও আজি নিশাৰ ভিতৰত পৰিয়ালটো খহনীয়াৰ কৱলত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইতিমধ্যে নিশা ৮.৩০ বজাৰ পৰা ঘৰ-বাৰী স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
অন্তিমটো পৰিয়ালৰ মাটিখিনি ব্ৰহ্মপুত্ৰত জাহ গলে সীমান্ত সংযোগী পথৰ পৰা শুন্য দুৰত্বত আহিব ব্ৰহ্মপুত্ৰ। ফলত সীমান্ত সংযোগী পথটো চৰম ভাবুকিত পৰিব। সীমান্ত সংযোগী পথটো খহনীয়াত জাহ গলে প্ৰথমে তিনি সহস্ৰাধিক পৰিয়াল খহনীয়াৰ কবলত পৰিব। লগতে বৰাইৰ আলগা বিএছএফ কেম্প খনো মহুৰ্তৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত কম সময়ৰ ভিতৰত কোকৰাডাঙা মানচিত্ৰৰ পৰা হেৰাই ব্ৰহ্মপুত্ৰ হৈ পৰিব বুলি সীমান্তৱৰ্তী কোকৰাডাঙাবাসীয়ে শংকাত ভূগিছে।
ইমানৰ পাচতো ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে কোকৰাডাঙাত কেৱল অস্থায়ী ভাৱে জিঅ বেগেৰে কাম চলাই নিয়াৰ বিপৰীতে স্থায়ী প্ৰতিৰোধৰ বাবে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইফালে মানকাচৰ জিলা কংগ্ৰেছে স্থায়ী প্ৰতিৰোধৰ দাবী তুলি ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰিছিল। কংগ্ৰেছৰ এই অনশনৰ প্ৰতি চৰকাৰ, জিলা প্ৰশাসনে সামান্যতম গুৰুত্ব নিদিয়াত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী কংগ্ৰেছে নিজে উঠাই নিয়া পৰিলক্ষিত হয়।