ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত…

ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ চান্দোৱাল পাৰাৰ এজন যুৱকৰ বিবাহে বৃহস্পতিবাৰে মঙলদৈত বিশেষ চৰ্চা লাভ কৰিছে। য'ত বিয়াৰ দৰাই অতিথিক আপ্যায়ন কৰাৰ সলনি ব্যস্ত ৰক্তদানত ৷ ৰভাৰ তলিতে পাতিছে ৰক্তদান শিবিৰ। অকল দৰাই নহয় দৰাৰ আত্মীয়ৰ লগতে বন্ধুবৰ্গইও সহযোগ কৰিছে এই ৰক্ত দানত। দৰাৰ নাম ফণীন্দ্ৰ ডেকা। ইয়াৰ পূৰ্বে ফণীদ্ৰই কেইবাজনো ৰোগীক ৰক্তদান কৰিছে। বিবাহৰ ৰভা তলিৰ এই ৰক্ত দান শিবিৰত দৰাকে ধৰি মুঠ ২২ জন দাতাই ৰক্ত দান কৰে।

"ইউনিটি উই ডা ব্লাড ডোনাৰ" নামৰ স্বেচ্ছাসেৱী ৰক্তদাতা সংস্থাৰ সদস্য এইজন দৰাই নিজ বাসগৃহতেই বিবাহৰ দিনা ৰক্তদানৰ সজাগতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in