ফিল’বাৰীত কংগ্ৰেছৰ দুৰ্গ ভেদি বিজেপিৰ শেষ হাঁহি

ফিল’বাৰীত কংগ্ৰেছৰ দুৰ্গ ভেদি বিজেপিৰ শেষ হাঁহি

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

ডিজিটেল সংবাদ, ফিল'বাৰীঃ বিগত ৫ ডিচেম্বৰৰ পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ভোট গণনা বুধবাৰে আৰম্ভ হোৱাৰ লগে লগেই সমগ্ৰ অঞ্চলটোত এক উখল মাখল পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ভিতৰত একমাত্ৰ কংগ্ৰেছী বিধায়ক থকা ১২৫নং ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই অঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশ দেখা পোৱা যায়।

Advertisment

সফলতাৰ হাঁহি মাৰিবলৈ সক্ষম হোৱা বিজেপি দলে পঞ্চায়তটোৰ ১০টা ৱাৰ্ডৰ ৯টাতেই বিজয়ী হোৱাৰ লগতে সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যপদ দখল কৰে। শিক্ষা আৰু আৰ্থিক স্বাৱলম্বিতাত জিলাখনৰ ভিতৰতে যথেষ্ট সুনাম থকা গাভৰুভেটি গাঁও পঞ্চায়তত কংগ্ৰেছ দলে বিগত সময়ছোৱাত আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছিল।

কিন্তু বিভিন্ন কাৰণত এইবাৰ দলটো মুখথেকেচা খাবলগীয়া হয়। কংগ্ৰেছৰ প্ৰতিনিধি আৰু প্ৰাৰ্থীৰ দুৰ্নীতি আৰু অহংকাৰ বিপৰীতে বিজেপিৰ নতুন মুখ আৰু ৰাইজৰ ওচৰত ভোট ভিক্ষাৰ যি প্ৰয়াস, তাক ৰাইজে আদৰি ল'লে বুলি বিভিন্ন মহলে ব্যক্ত কৰিছে।