পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচনঃ আছে মুঠ ১৫ টা সংকল্প

পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত আজি অসম প্ৰদেশ বিজেপিয়ে মুকলি কৰিলে দলটোৰ সংকল্প পত্ৰ। এই সংকল্প পত্ৰত দলটোৱে মুঠ ১৫ টা সংকল্পৰ কথা ঘোষণা কৰিছে। 

author-image
Tushar Pratim
New Update
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচনঃ আছে মুঠ ১৫ টা সংকল্প

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত আজি অসম প্ৰদেশ বিজেপিয়ে মুকলি কৰিলে দলটোৰ সংকল্প পত্ৰ। এই সংকল্প পত্ৰত দলটোৱে মুঠ ১৫ টা সংকল্পৰ কথা ঘোষণা কৰিছে। 

Advertisment

গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক আহ্বায়ক হিচাপে লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,  সাংসদ কামাখ্যা প্ৰসাদ তাচা, পৰিমল শুক্লবৈদ্য, ৰামেশ্বৰ তেলী, ৰঞ্জিত দত্ত, কেন্দ্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, পুলক গোঁহাই, কিশোৰ উপাধ্যায়, ৰেখাৰাণী দাস বড়ো, ড০ প্ৰদীপ ঠাকুৰীয়া, ড০ দেৱজিৎ মহন্তক সদস্য হিচাপে লৈ গঠন কৰা পঞ্চায়ত নিৰ্বাচন সংকল্প পত্ৰ সংকলন সমিতিয়ে প্ৰস্তুত কৰিছে এই সংকল্প পত্ৰখন। 

সংকল্প পত্ৰৰ আৰম্ভণিতে দলটোৱে মহাত্মা গান্ধীৰ গ্ৰামোদয়, আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয়, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয় আৰু অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোডীৰ ৰাষ্ট্ৰোদয়ৰ লক্ষ্যৰ পঞ্চায়ত নিৰ্বাচন-২০২৫ ৰ সংকল্প পত্ৰ প্ৰকাশ কৰিছে। এই সংকল্প পত্ৰত দলটোৱে কংগ্ৰেছক সমালোচনা কৰি অভিযোগ কৰিছে, স্বাধীনতাৰ ৭৫ বছৰ উকলি যোৱাৰ পাছতো মহাত্মা গান্ধীয়ে বিচৰা ‘গ্ৰাম্য স্বৰাজ’ৰ বাস্তৱ ৰূপ কংগ্ৰেছৰ প্ৰায় ৫৫ বছৰীয়া শাসনকালত দেখা পোৱা নগ’ল। 

কংগ্ৰেছ শাসনত থকা অৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বিপৰীতে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণহে চৌদিশে দেখিবলৈ পোৱা গ’ল। গাঁৱে গাঁৱে কংগ্ৰেছৰ নেতা-পালিনেতাই ভ্ৰষ্টাচাৰ, দুৰ্নীতিত লিপ্ত হৈ গঞা ৰাইজক শোষণ, বঞ্চনা আৰু ৰাইজৰ বাবে অহা আঁচনিৰ ধন হৰলুকী কৰি সমগ্ৰ ব্যৱস্থাটোকে জন বিৰোধী আৰু প্ৰহসনত পৰিণিত কৰিলে। 

তাৰোপৰি দলটোৱে সংকল্প পত্ৰত উল্লেখ কৰিছে, ২০১৪ ত কেন্দ্ৰত এন ডি এৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে যোৱা ১০ বছৰত গ্ৰামাঞ্চলৰ অৰ্থনৈতিক উন্নয়নে নতুন গতি লাভ কৰিলে। লুক ইষ্ট পিলিচি, এক্ট ইষ্ট পিলিচিৰ জৰিয়তে অসমক দক্ষিণ পূব এছিয়াৰ বাণিজ্যিক কেন্দ্ৰৰ দুৱাৰদলি হিচাপে গঢ়ি তোলাত সক্ৰিয় পদক্ষেপ গ্ৰহণ, উগ্ৰপন্থীৰ সংগঠনৰ সৈতে শান্তি চুক্তিৰে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসমলৈ শান্তি প্ৰতিষ্ঠাৰ পথ মুকলি কৰাৰ কথাও উল্লেখ কৰিছে। 

আনহাতে ২০১৬ ত অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠনৰ পাছতে ৰাজ্যখনত উন্নয়নৰ এক নতুন যুগৰ আৰম্ভণি ঘটা বুলি উল্লেখ কৰি সংকল্প পত্ৰখনত অসম চৰকাৰে যোৱা চাৰিটা বছৰত গ্ৰহণ কৰা অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, মহিলা আত্মসহায়ক গোটক আৰ্থিক সাহায্য, মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰশীল অসম অভিযানৰ জৰিয়তে যুৱ প্ৰজন্মক স্বাৱলম্বী কৰিবলৈ সাহায্য, কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, অটল অমৃত, আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে স্বাস্থ্য সেৱা, প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ জৰিয়তে কৃষকলৈ আৰ্থিক সাহায্য, জল জীৱন মিছনেৰে বিশুদ্ধ খোৱা পানী, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে পকী ঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান আদিৰ কথাও উল্লেখ কৰিছে।

স্মৰ্তব্য বিজেপিৰ এই সংকল্প পত্ৰত মুঠ ১৫ টা সংকল্পৰ কথা কোৱা হৈছে

  1. আগন্তুক ৫ বছৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্রতিটো বিধানসভা সমষ্টিত ৫ হাজাৰ যুৱক-যুৱতীক বছৰি ২ লাখ টকা প্রদানৰ জৰিয়তে কৰ্ম-সংস্থাপনমুখী কৰাৰ বাবে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হ'ব।
  2. প্রাথমিকতাৰ আধাৰত প্ৰতিটো জিলা পৰিষদীয় সমষ্টিত প্রতিযোগিতামূলক পৰীক্ষাত অবতীর্ণ হ'ব পৰাকৈ প্রশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। শিক্ষা সামৰি কৰ্ম-সংস্থাপন বিচৰা স্নাতকসকলক সহায়ৰ বাবে বিজেপি নেতৃত্বাধীন এন.ডি.এ. চৰকাৰে এবছৰৰ বাবে প্রতি মাহে ২,৫০০ টকাকৈ অথবা জিলা আয়ুক্তৰ পৰামৰ্শমতে প্রতি মাহৰ পৰিৱর্তে এককালীনভাবে প্রদান কৰা হ'ব।
  3. মেট্রিক পৰীক্ষাত অবতীর্ণ হ'বলগীয়া ছাত্র-ছাত্রীসকলে যাতে ভাল ফলাফল কৰিব পাৰে তাৰ বাবে আমাৰ চৰকাৰে ছাত্র-ছাত্রীসকলক প্রতি মাহে ৩০০ টকাকৈ আর্থিক অনুদান প্রদান কৰিব।
  4. দৰিদ্ৰ সীমাৰেখাৰ (বিপিএল) তলত বসবাস কৰা লগতে প্রতিটো যোগ্য পৰিয়ালক ১০০ শতাংশই ৰেচন কার্ড প্রদান কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে লগতে আগন্তুক দিনত ৰাইজক আর্থিকভাবে সকাহ দিয়াৰ বাবে প্রতিটো বন্ধন গেছ চিলিণ্ডাৰত অতিৰিক্ত ৰাজসাহায্য প্রদান কৰা হ'ব।
  5. আমাৰ চৰকাৰে বিহালী সমষ্টিত যোৱা ১ জুলাই ২০২৫ চনত শুভাৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সৰ্বমুঠ ৩০ লাখ মহিলাক ১০,০০০ টকাৰ এককালীন সাহায্য (লাখপতি বাইদেউ) প্রদান কৰিছে আৰু এই প্রক্রিয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে অতি শীঘ্রে এই আঁচনি সম্প্ৰসাৰণ কৰা হ'ব।
  6. প্রায় ২০০ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ চাহ উদ্যোগৰ মুখ্য অংশীদাৰ ৭ লাখ চাহ শ্রমিকক ৫০০০ টকাৰ এককালীন আর্থিক অনুদান প্রদান কৰা হৈছে। চাহ বাগিছা অঞ্চলত ১১৮ খন আদর্শ বিদ্যালয় ইতিমধ্যে স্থাপনৰ উপৰিও ১০০ খন নতুন আদর্শ বিদ্যালয় নির্মিয়মান হৈ আছে। ইয়াৰ উপৰিও চাহ বাগান অধ্যুষিত অঞ্চলত আলি-পদুলি আৰু স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰা হ'ব।
  7. ক্ষুদ্র কৃষক আৰু দুগ্ধ পালকক ২০২৫ চনৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ হাট বজাৰৰ 'বজাৰ খাজনা' সম্পূর্ণরূপে উঠাই লোৱা হ'ব বুলি ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত সম্পূর্ণৰূপে কাৰ্যকৰী কৰা হ'ব।
  8. কৃষকৰ সামৰ্থ আৰু উপার্জন বৃদ্ধিৰ বাবে উন্নতমানৰ বীজ আৰু সাৰ প্ৰদান কৰাৰ লগতে সৌবশক্তি চালিত পাৱাৰ পাম্প আৰু ক্ষুদ্র ক্ষুদ্র জলসিঞ্চন বান্ধ নির্মাণ কৰা হ'ব।
  9. প্রতিখন গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰে সংযোগ কৰি গ্রামাঞ্চলত হাইস্পিড ইন্টাৰনেট সেৱা উপলব্ধ কৰা হ'ব।
  10. আগন্তুক দিনত প্রতিখন গাঁও পঞ্চায়তত অতিৰিক্ত ১০ খন উপাসনাস্থলী নৱ ৰূপত নিৰ্মাণৰ বাবে আর্থিক সাহায্য প্রদান কৰা হ'ব আৰু অন্ত্যেষ্টিক্রিয়াৰ বাবে প্রতিখন গাঁও পঞ্চায়তত একোখনকৈ সকলো সা-সুবিধাযুক্ত শ্মশান নির্মাণ কৰা হ'ব।
  11. গ্রামাঞ্চলৰ যাতায়তৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা আৰু ৰাজ্যিক চৰকাৰৰ পুঁজিৰ জৰিয়তে যাতায়তৰ অনুপযোগী হৈ থকা বাট-পথ, কালভার্ট আৰু সৰু-সৰু দলং নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰিও এম.জি. এনৰেগা আঁচনিক পি.ডব্লিঅ', ডি. আৰু এছ, অ'.পি.ডি.ৰ সৈতে সংলগ্ন কৰি অধিক সুবিধা প্রদান কৰা হ'ব।
  12. প্রতিখন জিলা পৰিষদৰ অধীনত এখনকৈ সামুহিক সেৱা কেন্দ্র (Community Survice Centre) স্থাপনৰ জৰিয়তে ভাৰত তথা অসম চৰকাৰৰ সকলো জনকল্যাণমুখী আঁচনিক সফলতাৰে ৰূপায়ন আৰু যোগ্যজনক আঁচনিসমূহৰ লাভ প্রদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰা হ'ব।
  13. ৰাজ্যখনত বান আৰু গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত খাদ্যসামগ্রী (ৰেচন)ৰ যোগান, সম্পত্তিৰ আংশিক বা সম্পূর্ণ ক্ষতিৰ বাবদ তৎকালীনভাৱে চৰকাৰে নির্ধাৰণ কৰা ক্ষতিপূৰণ প্রদান সুনিশ্চিত কৰা হ'ব।
  14. কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যৰ চানেকি বহন কৰা অসমৰ প্ৰামাঞ্চলৰ আপুৰুগীয়া ঐতিহাসিক সম্পদৰাজিৰ সংৰক্ষণ-সংবন্ধনৰ ব্যৱস্থা কৰা হ'ব আৰু সম্ভাৱনাপূর্ণ এই স্থানসমূহক পর্যটন মানচিত্রত সংযোগ কৰাৰ বাবে পদক্ষেপ লোৱা হ'ব।
  15. মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপুত্ৰসকলৰ 'মোৰ মাটি মোৰ অধিকাৰ' তথা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা হ'ব।
বিজেপি পঞ্চায়ত নিৰ্বাচন