/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e7b92c12-c389-4192-9079-bd50e8b59658/fd.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা: সমাগত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা ঢকুৱাখনাত আৰম্ভ হৈছে । শাসক বিৰোধী সকলোৱে নিজ নিজ দলৰ দলীয় তৎপৰতা আৰম্ভ কৰাৰ সময়তে দেওবাৰে ঢকুৱাখনাত প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বজাই ৰণডংকা । ঢকুৱাখনাৰ বিধ্যয়ক নৱ দলেৰ গৃহ পঞ্চায়ত মাতমৰাত দেওবাৰে এই ৰাজনৈতিক কুচকাৱাজৰ আৰম্ভণি কৰে।
বিধায়ক দলেৰ গৃহভূমি মাতমৰাৰ লয়িদ কম্প্লেক্সত এই ৰণ ডংকা বজাই দলটোৱে। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ অন্তৰ্গত মাতমৰা মণ্ডল কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰা, ৰাজ্যিক সংখ্যালঘু বিভাগৰ সম্পাদক ৰাজীৱ খান, লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতি বাহাৰুল ইছলাম, কেশেন চেতিয়া,জিলা মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী প্ৰভাতী দদৰাই , জিলা কংগ্ৰেছৰ সম্পাদক নীল কান্ত পেগু ,ৰমেন মিলি, ঢকুৱাখনা ব্লক সভাপতি তৰুণ চেতিয়া ,উপ সভাপতি ৰাকেশ পেগু ,লালিত্য কুমাৰ দাস, বগীনদী ব্লক কংগ্ৰেছৰ নেতা নিজামুদ্দিন আহমেদ, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি বৰুৱা, ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা আদি উপস্থিত থাকে।
মাতমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি টেনিছন পেগুৰ সভাপতিত্বত মাতমৰাৰ লয়িদ কম্প্লেক্সত অনুষ্ঠিত দলীয় সভাত মাতমৰা মণ্ডলৰ তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । জনাকীৰ্ণ সভাত মাতমৰা মণ্ডল বিজেপিৰ কাৰ্যকৰী সদস্য প্ৰাণ দলে , গেৰুৱা দলটোৰ সক্ৰিয় কৰ্মী ৰাজু পেগুকে ধৰি মুঠ ২০ গৰাকী বিজেপি ,অগপ আদি দলৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে ।
নবাগত দলীয় কৰ্মী সকলক কেন্দ্ৰীয় আৰু জিলা নেতৃবৰ্গই দলীয় গলবস্ত্ৰ ,টুপী আৰু গামোচাৰে আদৰণি জনায়।
মাতমৰা মণ্ডল কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ নেতা কৰ্মীক সম্বৰ্ধনা জনোৱা কৰ্মী সভাতেই মাতমৰা মণ্ডল যুৱ কংগ্ৰেছৰ নৱ গঠিত মণ্ডন সমিতিৰ সভাপতি ভৰত বৰা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপিকা বৰপাত্ৰই আনুষ্ঠানিক ভাবে কাৰ্যভাৰ গ্ৰহণ কৰে । সভাত দলৰ সাংগঠনিক দিশত আলোচনাত অংশগ্ৰহণ কৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰে মণ্ডলটোৰ ১১ টা ভোট কেন্দ্ৰত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত নবগঠিত সমিতিখনে আত্মনিয়োগ কৰাৰ আহ্বান জনায়।
সভাত ব্লক কংগ্ৰেছ সমিতিৰ উপ সভাপতি ৰাকেশ পেগুৱে কয় দুৰ্নীতিৰ পৃষ্ঠপোষক নৱ দলে । ব্যৱসায়ী বিধায়ক নৱ দলেৰ নেতৃত্বত ঢকুৱাখনাত দুৰ্নীতি অনিয়ম আৰু ভ্ৰূষ্টাচাৰৰ মুকলি বেপাৰ চলিছে। চৰকাৰী আঁচনিৰ নামত নিকৃষ্ট ৰাজনীতি কৰি উন্নয়নৰ নামত গেৰুৱা দল আৰু বিধায়ক দলেযে লুণ্ঠনৰাজ চলাইছে বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে সবল জনমত গঠন কৰি সমাগত প্ৰতিটো নিৰ্বাচনত এই দলটোৰ লগতে দুৰ্নীতিৰ নায়ক নৱ দলেক উৎখাত কৰাৰ আহ্বান জনায়।
জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰভাটি দদৰাই কয় বিজেপিৰ শাসনত মহিলা সকল সুৰক্ষিত নহয়, নিজৰ ভেঁটি বচাবলৈ উলংগ প্ৰতিবাদ কৰিব লগা হৈছে । সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰন সম্পাদক পদ্মলোচন দলয়ে কয় এই সময় কংগ্ৰেছৰ বাবে দুঃসময় নহয় । এই সময় জনগণৰ বাবে দুঃসময় আৰু বেয়া দিন । ঢকুৱাখনা সমষ্টিত বিজেপিৰ পৃষ্ঠপোষকতাত ,নৱ দলেৰ উদ্যোগত সৃষ্ট এই জনগণৰ বেয়া দিনক ভালৰ দিনলৈ ৰূপান্তৰিত কৰিবলৈ আজিৰ পৰাই সংকল্প গ্ৰহণ কৰি মাতমৰাত এই নব দলে উৎখাত অভিযান ব্লক কংগ্ৰেছে শুভাৰম্ভ কৰা বুলি কয়।
দল বাগৰা ৰাজনীতিক বিজেপিৰ বিধায়ক নৱ দলেক ঢকুৱাখনাত উন্নয়নৰ নামত ভেল্কী বাজি কৰি লুণ্ঠনৰাজৰ ৰম্যভূমি কৰিবলৈ দিয়া নহ'ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ নেতা গৰাকীয়ে । মাতমৰাৰ পবিত্ৰ ক্ষেত্ৰত দুৰ্নীতিৰ নিকৃষ্ট বেহা পাতি কলংকৃত কৰা বিধায়ক নৱ দলেযে গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ নামত দুৰ্নীতি,সমবায় সমিতিৰ চাউলৰ নামত কেলেংকাৰী , অৰুনোদয় আঁচনিৰ নামত কমিচন সংগ্ৰহ , জলজীৱন আঁচনিৰ নামত কমিচন সংগ্ৰহ, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনি প্ৰদানৰ নামত কমিচন সংগ্ৰহৰ মুকলি বেহা পাতি জনজীৱন বিপৰ্যস্ত কৰি তোলা বুলি বক্তব্যত উল্লেখ কৰি লুণ্ঠন কৰিবলৈকে শাসনৰ গাদী কুক্ষীগত কৰা এইজন বেপাৰী বিধায়কক ৰাজনৈতিক ভাবে উৎখাত কৰি বিজেপি হতাও ঢকুৱাখনা বচাও অভিযান মাতমৰাৰ পৰাই আৰম্ভ হোৱা বুলি কয়।
ব্লক সভাপতি তৰুণ চেতিয়া, জিলা কংগ্ৰেছৰ উপ সভাপতি বাহাৰুল ইছলাম আদিয়েও বক্তব্য ৰাখে । লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই উদাত্ত আৰু আবেগবিহ্বল শ্ৰুতিমধুৰ ভাষনেৰে উপস্থিত সকলোকে সন্মোহিত কৰে। দেশ জাতি আৰু দল গঢ়াৰ এই নতুন যাত্ৰাত সকলোকে অংশীদাৰ হোৱাৰ আহ্বান জনায় জিলা সভাপতি গৰাকীয়ে।
গেৰুৱা দলটোৰ সীমাহীন দুৰ্নীতি অনিয়মৰ কাব্যিক দস্তাবেজ উদাত্ত কণ্ঠেৰে দাঙি ধৰি বিধায়ক নৱ দলেৰ গৃহ ভূমি মাতমৰাৰ পৰাই এই বিজেপি হতাও অভিযান আৰম্ভ কৰাৰ লক্ষ্যৰে তিনি শতাধিক সমবেত হৈ গ্ৰহণ কৰা সংকল্পৰ বাবে দলীয় কৰ্মী সকলৰ শলাগ লয় আৰু দুগুন সাংঠনিক শক্তিৰে ওলাই আহিবলৈ আহ্বান জনায় ।
Also Read: ঢকুৱাখনা মহাবিদ্যালয়ৰ দুটা গৃহ উন্মোচন বিধায়ক নৱ দলেৰ...